আমগুৰিত ধোঁৱাচাঙত বন্যপ্ৰাণী সংৰক্ষণ আইন আমগুৰি,১৪ ডিচেম্বৰ : ভাৰতীয় বন্যপ্ৰাণী সংৰক্ষণ আইন ১৯৭২ অনুযায়ী হাতী হৈছে কঠোৰভাৱে সংৰক্ষিত এক বন্যপ্ৰাণী । এই বন্যপ্ৰাণী সংৰক্ষণ আইনত হাতীক তালিকাৰ শীৰ্ষ স্থানত ৰখা হৈছে । ভাৰতৰ হাতীসমূহ বৰ্তমান লুপ্তপ্ৰায় বন্যপ্ৰাণীৰ তালিকাভুক্ত । দেশৰ ভিতৰতে উত্তৰ পূৱ তথা অসম হাতীৰ অন্যতম প্ৰধান বিচৰণস্থলী বুলি ক’ব পাৰি ।
কিন্তু বিগত সময়চোৱাত অসমত হাতীৰ অস্তিত্ব সংকটৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে । অসমত ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে হাতীৰ সংখ্যা । হাতীৰ অস্তিত্বৰ প্ৰতি কঢ়িয়াই আনিছে চৰম ভাবুকি ৷ এই ক্ষেত্ৰত কৰবাত যেন চৰকাৰৰো গাফিলতি আছে সেই কথা নুই কৰিব নোৱাৰি ৷ এই প্ৰতিবেদনত আজি আমি কম বন্যপ্ৰাণী সংৰক্ষণ আইন আচলতে বাস্তৱত কিমান কাৰ্যক্ষম হৈছে ৷
শেহতীয়াকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত মৃত্যু হৈছে বহু বন্যহস্তীৰ ৷ বন্যহস্তী মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে আমগুৰিত বন্যহস্তী মৃত্যুৰ এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে । উল্লেখ কৰিব লাগিব যে ২০১৭ চনৰ ১৩ নৱেম্বৰত আমগুৰি চাহ বাগিচাৰ অন্তৰ্গত টিফুক বাগিচাত এটা অনাকাংক্ষিত ঘটনা সংঘটিত হৈছিল ৷
উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক তাঁৰত লাগি মৃত্যু হৈছিল দুটাকৈ বন্যহস্তীৰ (Wild elephants killed by electrical wires) ৷ কম উচ্চতাত বৈদ্যুতিক তাঁৰ সংযোগ কৰাই আছিল বন্যহস্তী দুটাৰ মৃত্যুৰ কাৰণ আৰু এই তথ্য পোহৰলৈ আহিছিল আৰ টি আইৰ তথ্যত (RTI Report on Wild Elephant Death case) । এই ঘটনাই অতিক্ৰম কৰিলে সম্পূৰ্ণ পাঁচটা বছৰ ৷ কিন্তু আজিকোপতি এই সন্দৰ্ভত নহ’ল কোনো তদন্ত ৷
এক প্ৰকাৰে মৃত্যুৰ কাৰণ স্পষ্ট হোৱাৰ পিছতো ইয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে সংশ্লিষ্ট বিভাগে ৷ যাৰবাবে জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন ৷ ২০১৭ চনত সংশ্লিষ্ট বিভাগে তদন্ত প্ৰক্ৰিয়া সঠিকভাৱে নকৰাত দোষীয়ে শাস্তি লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে সদৌ টাই আহোম ছাত্ৰ সন্থাই। সংগঠনটোৱে ৰাজ্যৰ বন বিভাগক এই তদন্ত পুনৰ আগবঢ়াবলৈ দাবী জনোৱাৰ লগতে দোষী শীঘ্ৰেই শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় ।
আনহাতে শিৱসাগৰ জিলা বন বিভাগে ২০১৭ চনতে হালোৱাটিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীৰ তদন্তকাৰী বিষয়াই বন বিভাগক দাখিল নকৰিলে প্ৰতিবেদন । যাৰবাবে শাস্তি লাভ নকৰিলে দোষীয়ে । বন্যহস্তী ৰক্ষণাবেক্ষণৰ বাবে বহুকেইখন আইন থকাৰ পিছতো দোষীৰ বিৰুদ্ধে শাস্তিৰ ব্যৱস্থা থকাৰ পিছতো আমগুৰিত সমগ্ৰ ঘটনাটোত এজনো ব্যক্তিয়ে শাস্তি লাভ নকৰাত ৰহস্যৰ সৃষ্টি হৈছে ৷
লগতে পঢ়ক:Wild elephants in Tezpur: তেজপুৰত বন্যহস্তীৰ উপদ্ৰৱ, ধাননি পথাৰৰ লগতে বাসগৃহৰ ক্ষতিসাধন