শিৱসাগৰ, ২৯ অক্টোবৰ : শিৱসাগৰত চলি আছে এতিয়া গ্ৰন্থৰ উৎসৱ (Shivsagar Grantha Utsav) । ২৩ অক্টোবৰৰ পৰা বৰ্ডিং খেলপথাৰত চলি আছে শিৱসাগৰ গ্ৰন্থ উৎসৱ । উক্ত গ্ৰন্থ উৎসৱত দেখা গৈছে গ্ৰন্থপ্ৰেমীৰ ভিৰ । বৰ্তমানৰ ডিজেটেল যুগতো যে এতিয়াও গ্ৰন্থ এলাগী হৈ পৰা নাই তাৰ প্ৰমাণ পোৱা গ'ল শিৱসাগৰ গ্ৰন্থ উৎসৱত ।
Shivsagar Book Fair: শিৱসাগৰ গ্ৰন্থ উৎসৱত গ্ৰন্থপ্ৰেমীৰ সমাগম কম্পিউটাৰ-মোবাইলৰ ৰং-বিৰঙী স্ক্ৰিণে এতিয়াও যে বগা কাগজৰ কলা চিয়াঁহীৰ মাদকতা ম্লান কৰিব পৰা নাই সেয়া দেখিবলৈ পোৱা গৈছে শিৱসাগৰ গ্ৰন্থ উৎসৱত (Shivsagar Book Fair) ।
শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰত আয়োজন কৰা গ্ৰন্থ উৎসৱত আজি গ্ৰন্থপ্ৰেমীৰ ভিৰ । উল্লেখ্য, 'খোজ' নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ উদ্যোগত যোৱা ২৩ অক্টোবৰৰ পৰা আৰম্ভ হৈছে শিৱসাগৰ গ্ৰন্থ উৎসৱ (Shivsagar Grantha Utsav at Bording field) । এই গ্ৰন্থ উৎসৱত দেখা গৈছে মানুহৰ সমাগম ।
শাৰী শাৰী কিতাপৰ বিপণীৰ ভিতৰত লানি লানি পঢ়ুৱৈৰ ভিৰ । তাৰ মাজতে গ্ৰন্থমেলাৰ বাকৰি আজি মুখৰিত হৈ পৰে ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত । চৰকাৰী-বেচৰকাৰী বিদ্যালয়ৰ শ শ ছাত্ৰ-ছাত্ৰীয়ে গ্ৰন্থমেলাত সুবাস ল'লে বগা কাগজৰ ক'লা চিয়ঁহীৰ । নতুন প্ৰজন্মৰ এনে উপস্থিতিয়ে জীপাল কৰি তুলিলে গ্ৰন্থৰ উৎসৱ ।
আমোদ-প্ৰমোদৰ ভাণ্ডাৰ মবাইলটোৱে যে এতিয়াও কিতাপৰ আকৰ্ষণ আৰু গুৰুত্ব কমাব পৰা নাই সেয়া আজিৰ পৰিৱেশে স্পষ্ট কৰি দিয়ে । আনহাতে, গ্ৰন্থমেলা বুলিলে জড়িত হৈ থাকে এক ব্যৱসায়িক দিশ । বিদ্যায়তনিক কিতাপৰ বাদে আন কিতাপৰ ব্যৱসায় সততে বেয়া বুলি শুনা যায় । শিৱসাগৰ গ্ৰন্থমেলাও এই দিশত ব্যতিক্ৰম নহয় । মাজত পাৰ হৈ যোৱা প্ৰতিকূল বতৰে গ্ৰন্থ বিক্ৰেতাসকলক বিমোৰত পেলাইছিল যদিও পুনৰ বিক্ৰীয়ে প্ৰাণ পাই উঠিছে ।
ভবা মতে লাভ নহ'লেও লোকচান ভৰিবলগা নহয় গ্ৰন্থ বিক্ৰেতাসকল । বতৰ ফৰকাল হোৱাৰ লগে লগে অনাগত তিনিটা দিনৰ প্ৰতি আশাবাদী ব্যৱসায়ীসকল । উল্লেখ্য, গ্ৰন্থমেলা কেৱল কিতাপৰ ব্যৱসায়ৰ স্থলেই নহয় । এই অনুষ্ঠান এক সাংস্কৃতিক মনৰ পৰিচয় । পৰিচয় সভ্যতা আৰু মনৰ সুস্থতাৰ । যাৰ বাবে গ্ৰন্থমেলাসমূহ অনুষ্ঠিত হোৱা অঞ্চলটোৰ দাপোণৰূপে পৰিচিত হয় । প্ৰতিফলিত কৰে উক্ত অঞ্চলটোৰ মানুহৰ চিন্তা-চেতনা ।
লগতে পঢ়ক :Last rites of Neel Pawan Baruah: আজি নৱগ্ৰহ শ্মশানত চিৰদিনৰ বাবে শুই পৰিব নীলপৱন বৰুৱা