অসম

assam

ETV Bharat / state

শিৱ দ'লৰ শিৱৰাত্ৰীত লাখ লাখ লোকৰ সমাগম - শিৱৰাত্ৰী

অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা ভক্তসকলে শিৱসাগৰৰ ঐতিহাসিক শিৱ দ'লত সেৱা আগবঢ়ায় । পুৰুষ-মহিলা উভয় ভক্তই হাতে হাতে পূজাৰ নৈৱেৰ্দ্য লৈ মাজ নিশাৰ পৰা শাৰী পাতি শিৱ বাবাৰ চৰণত নিজ নিজ মনোবাঞ্চা পূৰণৰ বাবে সেৱা গ্ৰহণ কৰে ।

শিৱ দ'লৰ শিৱৰাত্ৰীত লাখ লাখ লোকৰ সমাগম
শিৱ দ'লৰ শিৱৰাত্ৰীত লাখ লাখ লোকৰ সমাগম

By

Published : Mar 12, 2021, 4:56 PM IST

শিৱসাগৰ, ১২ মাৰ্চ: আজি মহা শিৱৰাত্ৰীৰ তৃতীয় দিন । আহোম দিনত স্থাপিত শতিকা পুৰণি শিৱসাগৰৰ শিৱ দ'লত শিৱৰাত্ৰী উপলক্ষে শুকুৰবাৰে হাজাৰ হাজাৰ লোকৰ সমাৱেশ ঘটে। বৃহস্পতিবাৰে নিশা ৯.৩৯ বজাৰ পৰা আৰম্ভ হোৱা মহা শিৱৰাত্ৰীৰ লগ্ন শুকুৰবাৰে দুপৰীয়ালৈকে থকাৰ অৱস্থাত এনে শুভক্ষণত ভক্তসকলে শিৱ বাবাৰ চৰণত সেৱা আগবঢ়াবলৈ ভিৰ কৰা পৰিলক্ষিত হয় ।

শিৱ দ'লৰ শিৱৰাত্ৰীত লাখ লাখ লোকৰ সমাগম

অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা ভক্তসকলে শিৱসাগৰৰ ঐতিহাসিক শিৱ দ'লত সেৱা আগবঢ়ায় । পুৰুষ-মহিলা উভয় ভক্তই হাতে হাতে পূজাৰ নৈৱেৰ্দ্য লৈ মাজ নিশাৰ পৰা শাৰী পাতি শিৱ বাবাৰ চৰণত নিজ নিজ মনোবাঞ্চা পূৰণৰ বাবে সেৱা গ্ৰহণ কৰে । শিৱসাগৰৰ ঐতিহাসিক শিৱ দ'লৰ মাহাত্ম্যৰ প্ৰতি আকৃষ্ট হৈ শুকুৰবাৰে মহাশিৱৰাত্ৰীৰ ক্ষণত বিহাৰৰ মহাৱৰা বিধান সভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱা এজন প্ৰাৰ্থীয়ে শিৱ দ'লত পূজা আগবঢ়াৱায় । শনিবাৰে অন্ত পৰিব লগা শিৱৰাত্ৰী মহোৎসৱত এই দুটা দিনত লাখ লাখ লোকৰ সমাগম হোৱাৰ আশা কৰা হৈছে ।

লগতে পঢ়ক: শিৱসাগৰৰ আমগুৰিত পাঁচ লক্ষাধিক টকা জব্দ

ABOUT THE AUTHOR

...view details