অসম

assam

ETV Bharat / state

শিৱৰাত্ৰি উপলক্ষে শিৱসাগৰৰ আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱত ভক্তৰ ভিৰ - ঐতিহাসিক শিৱ দ'ল

স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্ব কালত ১৭৩৪ খ্ৰীষ্টাব্দত শিৱসাগৰত বৰপুখুৰী খন্দাৰ লগতে তাৰ কাষত নিৰ্মাণ কৰিছিল শিৱ দ'ল ৷ ২৮৭ বছৰ অতিক্ৰম কৰা ঐতিহাসিক শিৱ দ'লৰ প্ৰাংগনত মহা শিৱৰাত্ৰি উপলক্ষে সমাগম হৈছে অগণন ভক্তৰ ৷ বিগত বছৰবোৰৰ দৰে এইবাৰো পুৰাতন ৰীতিৰে উদযাপন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱ ।

shivratri-at-sivsagar
শিৱৰাত্ৰি উপলক্ষে শিৱসাগৰৰ আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱত ভক্তৰ ভিৰ

By

Published : Mar 11, 2021, 11:24 AM IST

শিৱসাগৰ,11মাৰ্চ:আজি মহা শিৱৰাত্ৰি ৷ শিৱৰাত্ৰি উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰতো দেখা পোৱা গৈছে ভক্তৰ মাজত ব্যাপক উছাহ ৷ স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্ব কালত ১৭৩৪ খ্ৰীষ্টাব্দত শিৱসাগৰত বৰপুখুৰী খন্দাৰ লগতে তাৰ কাষত নিৰ্মাণ কৰিছিল শিৱ দ'ল ৷ ২৮৭ বছৰ অতিক্ৰম কৰা এই ঐতিহাসিক শিৱ দ'লৰ প্ৰাংগনত মহা শিৱৰাত্ৰি উপলক্ষে সমাগম হৈছে অগণন ভক্তৰ ৷ হাতে-হাতে পানী, গাখীৰ, ফুল,নৈৰ্বেদ্য লৈ ভক্তপ্ৰাণ ৰাইজে ভগৱান শিৱৰ আগত সেৱা আগবঢ়ায় ৷ আনহাতে,মহাশিৱৰাত্ৰীৰ মহালগ্ন আজি নিশা ৯.৪৯ বজাৰ পৰা শুকুৰবাৰে দুপৰীয়া পৰ্যন্ত থাকিব ৷

শিৱৰাত্ৰি উপলক্ষে শিৱসাগৰৰ আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱত ভক্তৰ ভিৰ

উল্লেখ্য যে,শিৱসাগৰ শিৱ দ'লত অতীজৰে পৰা পালন কৰি অহা হৈছে মহাশিৱৰাত্ৰী ৷ প্ৰতিষ্ঠা কালৰে পৰা দৈনিক সেৱা পূজা হৈ অহা শিৱসাগৰৰ শিৱ দ'ল এক জাগ্ৰত দ'লৰূপে ভক্ত ৰাইজৰ মাজত বিশ্বাস চলি আহিছে ৷ যাৰ বাবে মহাশিৱৰাত্ৰীৰ সময়ত অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজৰ ভিৰ দেখা যায় ৷ ২০১৭ চনৰ পৰা নতুন ৰূপত শিৱ দ'লত আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱৰূপে মহাশিৱৰাত্ৰী উদযাপন কৰি অহা হৈছে ৷ বিগত বছৰবোৰৰ দৰে এইবাৰো পুৰাতন ৰীতিৰে উদযাপন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱ।

লগতে থাকিবঃপ্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতত জুৰুলা নগাঁও কংগ্ৰেছঃ জ্বলিল বেনাৰ,হ'ৰ্ডিং

ABOUT THE AUTHOR

...view details