শিৱসাগৰ,11জুলাইঃ শিৱসাগৰ জিলাত পুনৰ ৭ গৰাকীৰ দেহত ক'ভিড-১৯ পজিটিভ ধৰা পৰিছে ৷ আক্ৰান্ত ৰোগী কেইগৰাকীৰ ক্ৰমে লক্ষ্য খনিকৰ (৩১),জিন্টু গগৈ (২০),উদ্দীপ গগৈ (৩০)আৰু ৰঞ্জীতা দেৱী (২৪)। ইপিনে আক্ৰান্ত চাৰি জনেই বহিঃৰাজ্যৰ পৰা অহা আৰু তেওঁলোক ডিমৌ কোৱাৰেন্টাইন কেন্দ্ৰত আছিল। আন ২ গৰাকী ক্ৰমে জিতুল কুমাৰ নাথ (৩৬) আৰু জয়ন্ত গগৈ (২৮) জিলা খনৰ আমগুৰিৰ কোৱাৰেন্টাইন কেন্দ্ৰত থকা। দুয়োজনেই অসমৰ বাহিৰৰ পৰা অহা ৷ কেৱল প্ৰফুল্ল দাস (৫৭) নামৰ এগৰাকী ৰোগী বকতা পানীবিলৰ কন্টইনমেন্ট জ‘নত থকা তেখেতৰ কোনো ভ্ৰমণ বৃত্তান্ত নাই বুলি জানিব পৰা গৈছে।
শিৱসাগৰত পুনৰ ৭ জনৰ দেহত ক'ভিড-19 পজিটিভ - কন্টইনমেন্ট জ‘ন
শিৱসাগৰ জিলাত ক'ভিড-19 পজিটিভ ৰোগীৰ সংখ্যা বাঢ়ি ৭০ হ‘লগৈ। ইয়াৰে বৰ্তমান ৩০ গৰাকী সক্ৰিয় ৰোগী আৰু বাকী সকলক ইতিমধ্যে ৰোগমুক্ত হৈছে বুলি জানিব পৰা গৈছে ৷
শিৱসাগৰত পুনৰ ৭ জনৰ দেহত ক'ভিড-19 পজিটিভ
তেখেতৰ সম্পৰ্কীয় নাতিয়েক বহি:ৰাজ্যৰ পৰা আহি পজিটিভ পোৱাত অঞ্চলটো কন্টইনমেন্ট জ‘ন ঘোষণা কৰা হৈছিল ৷ শনিবাৰে চিনাক্ত হোৱা এই সাত গৰাকীক লৈ শিৱসাগৰ জিলাত কোভিড-19 পজিটিভ ৰোগীৰ সংখ্যা বাঢ়ি ৭০ হ‘লগৈ। ইয়াৰে বৰ্তমান ৩০ গৰাকী সক্ৰিয় ৰোগী আৰু বাকী সকলক ইতিমধ্যে ৰোগমুক্ত হোৱাৰ পাছত চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে।
লগতে পঢ়কঃ গুৱাহাটীৰ সংস্কৃতি দ্যা গুৰুকূল বিদ্যালয়ৰ সফলতা