অসম

assam

ETV Bharat / state

Sivasagar Sahitya Sabha: আজি সামৰণি পৰিব শিৱসাগৰ জিলা সাহিত্য সভাৰ অধিবেশনৰ - Sivasagar Zila Sahitya Sabha conference

শিৱসাগৰ জিলা সাহিত্য সভাৰ একবিংশতিতম অধিবেশনৰ দেওবাৰে সামৰণি অনুষ্ঠানৰ মুকলি সভা অনুষ্ঠিত হ'ব (Sivasagar Zila Sahitya Sabha)। শিৱসাগৰ জিলা সাহিত্য সভাৰ একবিংশতিতম অধিবেশন শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে । পতাকা উত্তোলনেৰে প্ৰথম দিনাৰ কাৰ্যসূচী আৰম্ভ কৰা হয় ।

Sivasagar Zila Sahitya Sabha conference
শিৱসাগৰ জিলা সাহিত্য সভাৰ অধিবেশন

By

Published : Jan 29, 2023, 1:31 PM IST

শিৱসাগৰ জিলা সাহিত্য সভাৰ অধিবেশন

আমগুৰি, ২৯ জানুৱাৰী: অহা 31 জানুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰ খামটি পথাৰৰ মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশন (Assam Sahitya Sabha conference at Narayanpur)। এই অধিৱেশনখনৰ পূৰ্বেই সাহিত্য সভাৰ অন্তৰ্গত জিলা তথা শাখা সাহিত্য় সভাসমূহে সমাপ্ত কৰিব লাগিব অধিৱেশন । ইয়াৰ সৈতে সংগতি ৰাখি শনিবাৰৰ পৰা আৰম্ভ হৈছে শিৱসাগৰ জিলা সাহিত্য সভাৰ একবিংশতিতম অধিবেশন (Sivasagar Zila Sahitya Sabha conference) ।

দুদিনীয়া বৰ্ণাঢ্য় কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই একবিংশতিতম অধিবেশনখনি । জিলাখনৰ চাৰিং শাখা সাহিত্য সভাৰ আতিথ্যত শিৱসাগৰ জিলা সাহিত্য সভাৰ অধিবেশনখনি অনুষ্ঠিত হৈছে । প্ৰথম দিনাৰ কাৰ্যসূচী পতাকা উত্তোলনেৰে আৰম্ভ কৰা হয় । এই উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা বুলি চাৰিং শাখা সাহিত্য সভাৰ বিষয়ববীয়াসকলে সদৰি কৰিছে । এই অধিবেশনৰ সৈতে সংগতি ৰাখি ছাত্র-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ।

জিলা সাহিত্য সভাৰ অধিবেশনক কেন্দ্ৰ কৰি আয়োজিত ৰচনা আৰু চিত্ৰাংকণ প্ৰতিযোগিতাত বহু সংখ্যক ছাত্র-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । প্ৰথম দিনৰ কাৰ্যসূচীত প্ৰতিযোগিতাৰ উপৰি চাৰিং শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সূৰ্যকান্ত ফুকন আৰু প্ৰাক্তন সম্পাদক চন্দ্ৰকমল হাজৰিকা সোঁৱৰণী আলোচনা চক্ৰৰ অনুষ্ঠিত হয় । এই অনুষ্ঠানৰ উপৰি চাৰিং শাখা সাহিত্য সভাৰ অক্লান্ত কৰ্মী সিদ্ধেশ্বৰ নাথ আৰু সমাজ সংগঠক প্ৰফুল্ল চন্দ্ৰ কাকতি সোঁৱৰণী কবি সন্মিলন আয়োজন কৰা হয় । প্ৰথম দিনৰ কাৰ্যসূচীত স্মৃতিগ্ৰন্থ "মন্দাচল" উন্মোচন কৰা হয় । এই স্মৃতিগ্ৰন্থখন উন্মোচন কৰে জিলাখনৰ কেইবাগৰাকী বিশিষ্ট ব্য়ক্তিয়ে ।

আনহাতে, ইয়াৰ সৈতে সংগতি ৰাখি "সাম্প্ৰতিক সময়ত অসমীয়া ভাষা আৰু সাহিত্যলৈ অহা প্ৰত্যাহ্বান আৰু ইয়াৰ নিৰাময়ৰ উপায়" শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হয় । এই আলোচনা চক্ৰত বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ জ্যোতি প্ৰসাদ শইকীয়া, শিৱসাগৰ জিলা সাহিত্য সভাৰ উপ-সভাপতি ড৹ প্ৰশান্ত কুমাৰ চুতীয়া, জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ(স্বতন্ত্ৰ) অসমীয়া বিভাগৰ প্ৰবক্তা ড৹ জ্যোতিৰেখা হাজৰিকা, অসম মহিলা বিশ্ববিদ্যালয়ৰ (যোৰহাট) অধ্যাপিকা মহাশ্বেতা দেৱীয়ে অংশগ্ৰহণ কৰে ।

ইপিনে,আজি এই অধিবেশনৰ অন্তিম দিনা ইতিমধ্য় বিভিন্ন কাৰ্যসূচী আৰম্ভ হৈছে । আবেলি অনুষ্ঠিতব্য় মুকলি অধিবেশনত কেইবাগৰাকী বিশিষ্ট সাহিত্য়িকৰ লগতে দল-সংগঠনৰ নেতাই অংশগ্ৰহণ কৰিব বুলি আয়োজক সমিতিয়ে সদৰি কৰিছে ।

লগতে পঢ়ক:Junior Clerk Exam Paper leaked : নিযুক্তি পৰীক্ষাৰ পাঁচ ঘন্টা পূৰ্বে ফাদিল প্ৰশ্নকাকত

ABOUT THE AUTHOR

...view details