অসম

assam

By

Published : Jul 5, 2020, 8:02 AM IST

Updated : Jul 5, 2020, 8:18 AM IST

ETV Bharat / state

আমগুৰিত বানত ক্ষতিগ্ৰস্ত কৃষকৰ সৈতে পথাৰত বিধায়ক প্ৰদীপ হাজৰিকা

আমগুৰিৰ ৰূপহীমুখ, দিখৌমুখকে ধৰি বিভিন্ন অঞ্চলৰ বান ক্ষতিগ্ৰস্ত কৃষকক সকাহ দিবলৈ কঠিয়াৰ বীজ সিচে বিধায়কগৰাকীয়ে ।

Seed Program at Amguri
আমগুৰিত বানত ক্ষতিগ্ৰস্থ কৃষকক লগত পথাৰত বিধায়ক প্ৰদীপ হাজৰিকা

আমগুৰি, ৫ জুলাই : আমগুৰি বিধায়ক প্ৰদীপ হাজৰিকাই বান ক্ষতিগ্ৰস্ত কৃষকক সকাহ দিবৰ কাৰণে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ নামতি আদৰ্শ গাঁৱত অৱস্থিত বৰুৱাপুখুৰী হাইস্কুল খেলপথাৰৰ ১০ বিঘা মাটিত কঠিয়াৰ বীজ সিঁচি কৃষকক সকাহ দিয়াৰ বাবে চেষ্টা কৰিছে বিধায়কগৰাকীয়ে ।

আমগুৰিত বানত ক্ষতিগ্ৰস্থ কৃষকক লগত পথাৰত বিধায়ক প্ৰদীপ হাজৰিকা

বিধায়ক হাজৰিকাই নিজেই ট্ৰেক্টৰ চলাই, হাতত কোৰ লৈ পৰ্যবেক্ষণ কৰি কঠিয়াৰ বীজ সিচি কৃষকক উপকাৰ কৰাৰ সংকল্প গ্ৰহণ কৰিছে । সমষ্টিটোৰ ৰূপহীমুখ, দিখৌমুখকে ধৰি বিভিন্ন অঞ্চলৰ বান ক্ষতিগ্ৰস্ত কৃষকক সকাহ দিবলৈ কঠিয়াৰ বীজ সিচে বিধায়কগৰাকীয়ে । উল্লেখ্য যে, বিধায়ক হাজৰিকাই সমষ্টিটোত মুঠ দুখনকৈ খেলপথাৰত ২২ কুইন্টল কঠিয়াৰ বীজ সিচি বান ক্ষতিগ্ৰস্ত কৃষকক সকাহ দিব বুলি প্ৰকাশ কৰিছে ।

আমগুৰিত বানত ক্ষতিগ্ৰস্থ কৃষকক লগত পথাৰত বিধায়ক প্ৰদীপ হাজৰিকা

লগতে পঢ়ক :ৰাজ্যত COVID-১৯ ৰ সংক্ৰমণৰ অভিলেখ : এদিনত 1202 গৰাকী আক্ৰান্ত

Last Updated : Jul 5, 2020, 8:18 AM IST

ABOUT THE AUTHOR

...view details