অসম

assam

ETV Bharat / state

আজিৰে পৰা ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ

প্রতিগৰাকী শিশুৱে গুণগত প্রাথমিক শিক্ষা পোৱাৰ ওপৰত গুৰুত্ব প্রদান কৰি ৰাজ্য চৰকাৰে শিক্ষা বিভাগৰ সহযোগত ৰূপায়ণ কৰা ‘গুণোৎসৱ’ৰ প্রথম পৰ্ব সফলতাৰে অনুষ্ঠিত হৈ যোৱাৰ পিছত আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ (Second phase of Gunotsav begins in Assam from today) ৷

second-phase-of-gunotsav-begins-in-assam-from-today
আজিৰ পৰা ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ

By

Published : May 23, 2022, 2:17 PM IST

শিৱসাগৰ, 23 মে’:আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ (Second phase of Gunotsav begins in Assam from today) ৷ আগন্তুক 26 মে’লৈকে চলিব লগা এই গুণোৎসৱত ৰাজ্যৰ 46000 বিদ্যালয়ৰ 42,50,224 গৰাকী ছাত্ৰ-ছাত্ৰীক মূল্যায়ণ কৰিব 18,910 গৰাকী বহিঃ মূল্যায়কে ।

শিৱসাগৰ জিলাকে ধৰি কামৰূপ, কোকৰাঝাৰ, গোলাঘাট, তিনিচুকীয়া, বৰপেটা, মাজুলী, মৰিগাঁও আৰু ওদালগুৰি জিলাত আজিৰ পৰা আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ । এই দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত শিৱসাগৰ জিলাৰ 1327 খন বিদ্যালয়ৰ 72,655 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই গুণোৎসৱত অংশগ্ৰহণ কৰিছে (Gunotsav Assam 2022) ।

ৰাজ্যৰ প্ৰাথমিক, মাধ্যমিক চৰকাৰী বিদ্যালয়ৰ লগতে চাহ বাগান কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত বিদ্যালয় সমূহৰ প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক প্ৰগতি নিশ্চিত কৰা এই গুণোৎসৱৰ মূল উদ্দেশ্য ৷ এই উদ্দেশ্য আগত ৰাখি বহিঃ মূল্যায়কসকলে বিদ্যালয়ৰ পাৰপাৰ্শ্বিক দিশ সমূহৰ লগতে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক প্ৰগতিৰ বুজ লয় ।

আজিৰ পৰা ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ

ইয়াৰ বাবে মূল্যায়কসকলক বিশেষ কেতবোৰ দিশত গুৰুত্ব দিবৰ বাবে ইতিমধ্যে কেতবোৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল । ইয়াৰ ভিত্তিত মূল্যায়কসকলে বিভিন্ন দিশ পৰীক্ষা কৰি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক প্ৰগতিৰ লগতে বিদ্যালয়ৰ পাৰপাৰ্শ্বিকৰ লগতে পৰিকাঠামোৰ ওপৰত মূল্যায়ণ কৰিব ।

এই গুণোৎসৱ উপলক্ষে শিৱসাগৰ নগৰৰ লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন,১ নং টাউন প্ৰাইমেৰী বিদ্যালয়,৩ নং প্ৰাথমিক বিদ্যালয় আদি বিদ্যালয়ত এক উৎসৱমুখৰ পৰিৱেশ পৰিলক্ষিত হয় । ছাত্ৰ-ছাত্ৰী সকলে গুণোৎসৱ উপলক্ষে শৈক্ষিক পাঠ্যক্ৰমৰ লগতে আনুষাংগিক বিষয়সমূহ প্ৰদৰ্শন কৰে ।

লগতে পঢ়ক :নলবাৰীৰ বান পৰিস্থিতি পৰ্যবেক্ষণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ

ABOUT THE AUTHOR

...view details