অসম

assam

By

Published : Oct 21, 2020, 12:41 PM IST

ETV Bharat / state

চলা অভয়াৰণ্যৰ তদাৰকী অনুষ্ঠানৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস উদযাপন

চলা গ্ৰাম্য অভয়াৰণ্যৰ সংৰক্ষণৰ বাবে গঠন কৰা চলা ভিলেজ চেনছুৱেৰী কনজাৰভেচন ছ’চাইটিৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস উদযাপন । চাইক্লিং,জাংগল ট্ৰেকিঙৰ লগতে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যে কৰি ইক’ টুৰিজিমৰ ওপৰত বিশেষ চৰ্চা কৰা হয় উক্ত অনুষ্ঠানত ।

Second foundation day of chala village sanctuary celebrated in sivsagar assam etv bharat news
চলা গ্ৰাম্য অভয়াৰণ্য

শিৱসাগৰ, 21 অক্টোবৰ:চৰাইদেউ জিলাৰ বনাঞ্চলসমূহৰ ভিতৰত অন্যতম হৈছে চলা সংৰক্ষিত বনাঞ্চল । এই বনাঞ্চলৰ বন ধ্বংস কাৰ্য ৰোধ কৰিবলৈ সমীপৰ অঞ্চলৰ ৰাইজে কিছু বছৰৰ পৰা ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি আহিছে । সংৰক্ষিত বনাঞ্চলখনক চলা গ্ৰাম্য অভয়াৰণ্য হিচাপে ঘোষণা কৰি গাঁৱবাসীয়ে গছপুলি ৰোপণ আৰু প্ৰতিপালনৰ লগতে বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰি অহাৰ খবৰ সংবাদ মাধ্যমত পূূৰ্বে প্ৰচাৰিত হৈছে ৷ চলা ভিলেজ চেনছুৱেৰী কনজাৰভেছন ছ’চাইটি নামেৰে এখন সমিতি গঠন কৰি বনাঞ্চলখনক সুৰক্ষাৰ বাবে স্থানীয় লোকসকল ওলাই অহা কাৰ্য ইতিমধ্যে প্ৰশংসিত হৈছে । কেৱল সেয়াই নহয় শেহতীয়াকৈ সোণাৰিৰ নাফুকস্থিত বনাঞ্চলিক বিষয়াৰ অনুমোদন সাপেক্ষে চলা সংৰক্ষিত বনাঞ্চলখনত নিশা পহৰা দিয়াৰো ব্যৱস্থা গ্ৰহণ কৰিছে স্থানীয় লোকে ।

প্ৰতিষ্ঠা দিৱস উদযাপন

স্থানীয় যুৱকসকলে একোটা দল গঠন কৰি চলা ভিলেজ চেনছুৱেৰী কনজাৰভেছন চ'ছাইটিৰ সহযোগত ইতিমধ্যে পহৰা দিয়া আৰম্ভ কৰিছে বনাঞ্চলখনত ৷ যাতে নিশাৰ ভাগত কোনো দুষ্কৃতিকাৰীয়ে অবৈধভাৱে কাঠ সৰবৰাহ কৰিব নোৱাৰে । চলা সংৰক্ষিত বনাঞ্চল সংৰক্ষণৰ বাবে চলা ভিলেজ চেনছুৱেৰী কনজাৰভেছন ছ'চাইটিয়ে গ্ৰহণ কৰা এই পদক্ষেপে এতিয়া জিলাখনত প্ৰশংসা লাভ কৰিছে । ইফালে চলা ভিলেজ চেনছুৱেৰী কনজাৰভেছন চ'ছাইটিয়ে বুধবাৰে দ্বিতীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে সজাগতামূলক চাইক্লিং, জাংগল ট্ৰেকিং অনুষ্ঠিত কৰা লগতে আয়োজন কৰে এক সজাগতা সভা ৷ উদ্যোক্তাসকলে ছাত্ৰ-ছাত্ৰীসকলক ইক’ টুৰিজিমৰ ওপৰত বিশেষ চৰ্চাৰে নৱ প্ৰজন্মক এই বিষয়ে কিছু আভাষ দিয়াৰো প্ৰয়াস কৰে ৷ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত বহুকেইজন প্ৰকৃতিপ্ৰেমীৰ লগতে প্ৰাকৃতিক পৰ্যটনৰ লগত জড়িত কাজিৰঙাৰ বিতুপন কলঙো উপস্থিত থাকে ।

লগতে চাওকঃকোকৰাঝাৰত বোৱাৰীক ঘৰৰ পৰা উলিয়াই দিলে শহুৰ-শাহুয়েকে

ABOUT THE AUTHOR

...view details