অসম

assam

ETV Bharat / state

লক ডাউনত সৰ্বস্বান্ত মৃন্ময় শিল্পী - sculpture artists facing problem due to lock down

কৰ'ণা মহামাৰীয়ে বিপৰ্যস্ত কৰিছে মৃন্ময় শিল্পী সকলৰ জীৱন ৷ আগন্তুক পূজাৰ সময়ত আটাইতকৈ অধিক ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভৱনা প্ৰকট হৈছে মৃন্ময় শিল্পীসকলৰ মাজত ৷ যাক লৈ এতিয়া অনিশ্চয়তাত ভুগিছে তেওঁলোক ৷

মৃন্ময় শিল্পী
মৃন্ময় শিল্পী

By

Published : Aug 2, 2020, 4:55 PM IST

নাজিৰা, 2 আগষ্ট: কৰ'ণা মহানাৰীৰ প্ৰাদুৰ্ভাৱৰ বাবে উৎসৱ-পাৰ্বণ পালনতো নিষেধাজ্ঞা জাৰি কৰিছে চৰকাৰে ৷ যাৰ বাবে ইতিমধ্যে বহু উৎসৱ পাৰ হৈ গ'ল পূৰ্বৰ সেই উছাহ-উদ্দীপনা অবিহনেই ৷ ইয়াৰ মাজতে সমাগত গণেশ পূজাৰ লগতে বহু প্ৰত্যাশিত শাৰদীয় দুৰ্গোৎসৱ ৷ কিন্তু কৰ'ণা মহামাৰীয়ে এইবাৰ ম্লান কৰিছে গণেশ পূজাৰ লগতে শাৰদীয় দুৰ্গোৎসৱৰ প্ৰতীক্ষা ৷ উৎসৱ আমি পালন নকৰাকৈয়ে থাকিব পাৰিলেও উৎসৱ উদযাপন অবিহনে থাকিলে নিজৰ পৰিয়াল পোহপাল দিব নোৱাৰে একাংশ লোকে ৷ আগন্তুক পূজাৰ সময়ত আটাইতকৈ অধিক ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভৱনা প্ৰকট হৈছে মৃন্ময় শিল্পীসকলৰ মাজত ৷

লক ডাউনত সৰ্বস্বান্ত মৃন্ময় শিল্পী

ইতিমধ্যে দীৰ্ঘদিনীয়া লক ডাউনৰ বাবে পৰিয়াল পোহপালৰ ক্ষেত্ৰত যথেষ্ট কষ্টৰ সন্মুখীন হৈছে মৃন্ময় শিল্পীসকল ৷ যাৰ বাবে সম্প্ৰতি অনিশ্চয়তাত ভুগিছে তেওঁলোক ৷ তথাপিও অনিশ্চয়তাৰ মাজতো তেওঁলোকে গণেশ পূজাকে ধৰি আগন্তুক সকলোবোৰ পূজাৰ মূৰ্তি নিৰ্মাণৰ প্ৰস্তুতি অব্যাহত ৰাখিছে ৷ এতিয়া দুবেলা দুমুঠি যোগাৰ কৰিবলৈয়ো অপাৰগ শিল্পীসকল ভুগিছে হতাশাত ৷ জানিব পৰা মতে, দীৰ্ঘদিনীয়া লক ডাউনৰ মাজত তেওঁলোকৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে ৷ শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ পাল শিল্পালয়ৰ অসহায় মৃন্ময় শিল্পীসকলে সম্প্ৰতি বিচাৰিছে চৰকাৰৰ অলপ সহায়ৰ হাত ৷

লগতে পঢ়ক:পথ নিৰ্মাণৰ নামত লাখটকীয়া ফলক আঁৰিয়ে সামৰিলে দায়িত্ব

ABOUT THE AUTHOR

...view details