শিৱসাগৰ, ৩ জুনঃ শিৱসাগৰৰ বিশিষ্ট বিজ্ঞানী-উদ্ভাৱক আমিনুদ্দিন আহমেদে বুধবাৰে শিৱসাগৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি তেওঁৰ শেহতীয়া আৱিষ্কাৰ সন্দৰ্ভত অৱগত কৰে । সংবাদমেলত উদ্ভাৱক গৰাকীয়ে বৰ্তমানৰ পৰিস্থিতিত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ আৰু নিৰ্মূলকৰণত তেওঁৰ আৱিষ্কাৰ সমূহে এক বিশেষ ভূমিকা পালন কৰিব পাৰে বুলি দাবী উত্থাপন কৰাৰ লগতে চৰকাৰৰ পৰা অনুমতি লাভ কৰিলে কৰ'ণাত আক্ৰান্ত লোকক দুদিনৰ পৰা ছয়দিনৰ ভিতৰত সুস্থ কৰিব পাৰিব বুলিও তেওঁ দাবী কৰে ।
২-৬ দিনৰ ভিতৰত কৰ'ণা ৰোগীক সুস্থ কৰি তোলাৰ মন্তব্য বিজ্ঞানী-উদ্ভাৱক আমিনুদ্দিন আহমেদৰ উদ্ভাৱক গৰাকীয়ে'অসমীয়া নিৰাময় চাহ',জৈৱ বীজাণু নিৰ্মূলকৰণ যন্ত্ৰ, অতি বেঙুনীয়া ৰশ্মি পৰিশোধক যন্ত্ৰৰ সৈতে পৰিচয় কৰাই দিয়ে। জৈৱ বীজাণু নিৰ্মূলকৰণ যন্ত্ৰৰ প্ৰভাৱত কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীয়ে উপশম লাভ কৰাৰ লগতে চাৰিও দিশৰ পৰিৱেশ বীজাণুমুক্ত কৰি ৰাখে ।
২-৬ দিনৰ ভিতৰত কৰ'ণা ৰোগীক সুস্থ কৰি তোলাৰ দাবী এজন উদ্ভাৱকৰ ঠিক সেইদৰে 'অতি বেঙুনীয়া ৰশ্মি পৰিশোধক' যন্ত্ৰৰ দ্বাৰা বাতানুকুল যন্ত্ৰত জমা হোৱা বীজাণু নিৰ্মূল কৰাৰ লগতে জনসমাৱেশত হোৱা কোঠা বীজাণুৰ পৰা মুক্ত কৰি ৰাখে । এই সমূহ উদ্ভাৱন সমূহে বুধবাৰে মুকলি কৰি আমিনুদ্দিন আহমেদে চৰকাৰক এই সমূহ উদ্ভাৱন কৰ'ণা ভাইৰাছ ৰোধ আৰু নিৰ্মূলৰ ক্ষেত্ৰত ব্যৱহাৰৰ অনুমতি বিচাৰিছে চৰকাৰৰ পৰা।
২-৬ দিনৰ ভিতৰত কৰ'ণা ৰোগীক সুস্থ কৰি তোলাৰ মন্তব্য বিজ্ঞানী-উদ্ভাৱক আমিনুদ্দিন আহমেদৰ উল্লেখ্য যে, আমিনুদ্দিন আহমেদে COVID-19 ৰোগীক চৰকাৰৰ অনুমতি পালে বিনা পিপিই কিট আৰু মাস্ক পৰিধান নকৰাকৈ সেৱা আগবঢ়াই সুস্থ কৰিব পাৰিব বুলি দাবী জনাই ।
লগতে পঢ়কঃ বানৰ কৱলত চলচলিৰ দুই শতাধিক কৃষকৰ কৃষিভূমি