আমগুৰি, ৯ মে: আমগুৰি বৰাহীবাৰী গাঁও পঞ্চায়তত ম্যাদী পট্টাৰ মাটিত অকৰ্তৃত্বশীলভাৱে নিৰ্মাণ কৰিলে এম জি এনৰেগা আঁচনিৰ পথ । আমগুৰি উন্নয়ণ খণ্ডৰ অধীনৰ বৰাহীবাৰী গাঁও পঞ্চায়তৰ শেহতীয়া কৰ্মকাণ্ডই এতিয়া সকলোৰে চকু কপালত তুলিছে । উত্থাপিত অভিযোগ অনুসৰি পঞ্চায়তখনৰ কাৰ্যালয়ৰ সমীপতে ৩ নং ৱাৰ্ডত এমজিএনৰেগা আঁচনিৰ অধীনত ৯ লাখ টকা ব্যয় সাপেক্ষে পঞ্চায়তখনে এটা পথ নিৰ্মাণৰ কাম আৰম্ভ কৰে (Allegation of scam in NREGA) । নৱীন আলি গায়েন গাঁও-পুৰণিচুক সংযোগী কৃষিবান্ধ নামকৰণৰ ৬০০ মিটাৰ দৈৰ্ঘৰ পথটো দুজনকৈ ব্যক্তিৰ ম্যাদী ভূমিৰ মাজেৰে নিৰ্মাণ কৰাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ।
ডিব্ৰুৱাল ৰাজহ গাঁৱৰ ২৬ নং ম্যাদী পট্টাৰ ৬০১ নং দাগ, ৫৪ নং ম্যাদী পট্টাৰ ৮৪৭ দাগ আৰু ৫৮ নং ম্যাদী পট্টাৰ ৬১০ নং দাগৰ মাজেৰে অবৈধভাৱে পথটো নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন কৰিছে সংশ্লিষ্ট ভূমিৰ গৰাকীয়ে (Scam in NREGA in Amguri) । ৬০১ নং দাগৰ পট্টাদাৰ যাদৱ দত্তই অভিযোগ কৰা অনুসৰি তেওঁলোকৰ অজ্ঞাতেই বৰাহীবাৰী গাঁও পঞ্চায়তৰ সচিব, অভিযন্তাই লগলাগি অবৈধভাৱে এই পথটো নিশাৰ ভিতৰতে নিৰ্মাণ কৰিছে ।
এই সন্দৰ্ভত যাদৱ দত্তই যোৱা ১০ মাৰ্চত আমগুৰি ৰাজহচক্ৰ বিষয়াৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছিল যদিও কোনো সদুত্তৰ নোপোৱাত ১৫ মাৰ্চত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্তৰ ওচৰতো লিখিত অভিযোগ দাখিল কৰে (Commissioner of Panchayat and Rural Development)। ইয়াৰ পিচতো সংশ্লিষ্ট পক্ষৰ পৰা কোনো সহাৰি লাভ নকৰাত যাদৱ দত্তই যোৱা ৩ এপ্ৰিলত বৰাহীবাৰী গাঁও পঞ্চায়ত কাৰ্যালয়লৈ ভূমিৰ ক্ষতিপূৰণ বিচাৰি জাননী প্ৰেৰণ কৰিছে ।