আমগুৰি, ২৪ আগষ্ট:শিৱসাগৰ জিলাৰ আমগুৰিত অব্যাহত আছে বগা চাউলৰ ক'লা বেহা(Rice scam continues in Amguri)। সমবায় সমিতিৰ এজেন্টে ন ন কৌশলেৰে চোৰাংকৈ চলাই আহিছে চাউলৰ ক'লা বেহা । এনে চোৰাং ব্যৱসায়ীক নাকী লগাবলৈ খাদ্য আৰু অসামৰিক যোগান বিভাগেও বিভিন্ন প্ৰক্ৰিয়াৰে চলাই আহিছে অভিযান । ইয়াৰ পিছতো নিৰ্বিঘ্নে চলাই আছে এনে বেহা ।
উক্ত অঞ্চলটোৰ ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে আমগুৰিত সমবায় সমিতিত চলিছে ব্য়াপক অনিয়ম(Irregularities in cooperative society at Amguri)। দৰিদ্ৰৰ মুখৰ চাউল কাঢ়ি খাইছে সমবায় সমিতিয়ে । গধূলীবজাৰ সমবায় সমিতিত সংঘটিত হৈছে এই ঘটনা । উল্লেখ্য় যে বাউলীপুখুৰী কৈৱৰ্ত্ত গাঁৱৰ ১১ জনীয়া এটা পৰিয়ালৰ মুখৰ ভাত কাঢ়ি খাইছে সমবায় সমিতিৰ এজেন্টে । উক্ত পৰিয়ালটোৰ বি পি এল কাৰ্ডখন সমবায় সমিতিৰ এজেন্টে কৌশলেৰে অন্তৰ্ধান কৰি হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে ।
দৰিদ্ৰৰ মুখৰ চাউল কাঢ়ি খাইছে সমবায়ৰ এজেন্টে ভুক্তভোগী পৰিয়ালটোৰ সদস্য়সকলে সমিতিখনৰ এজেন্টেৰ বিৰুদ্ধে অভিযোগ কৰি কয় যে যোৱা ৪ বছৰে এজেন্ট পৰাণ শৰ্মাই দৰিদ্ৰ পৰিয়ালটোৰ বিপিএল কাৰ্ডখন ৰাখি থৈ কেৱল ৫ কিলোগ্ৰামহে চাউল যোগান ধৰিছে । আমগুৰি সমষ্টিৰ বাউলীপুখুৰী কৈৱৰ্ত্ত গাঁৱৰ বগী দাসৰ ১১ জনীয়া ভুক্তভোগী পৰিয়ালটোক সমবায় সমিতিৰ এজেন্টে কৰা এনে কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।
চৰকাৰৰ বিভিন্ন আঁচনিৰ পৰা বঞ্চিত পিএম ৱাই গৃহকে(PMYG) ধৰি অৰুণোদয় আঁচনি(Arunoday Scheme in Assam)ৰ পৰাও উপেক্ষিত পৰিয়ালটোৱে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিবলগীয়া হৈছে । এইক্ষেত্ৰত সংশ্লিষ্ট বিভাগক সমবায় সমিতিৰ এজেন্ট শৰ্মাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰি দৰিদ্ৰ পৰিয়ালটোক উদ্ধাৰ কৰিবলৈ আহ্বান জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে(Krishak Mukti Sangram Samiti)।
লগতে পঢ়ক:মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ বাবে ১০০০০ কোটি টকা ধাৰ্য কৰাৰ কথা প্ৰকাশ শিক্ষামন্ত্ৰীৰ