শিৱসাগৰ, 13 অক্টোবৰ:শিৱসাগৰ জিলাৰ বেতবাৰী পঞ্চায়তত সোমবাৰে অৰুণোদয় আঁচনিৰ প-পত্ৰ বিতৰণক লৈ সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ ৷ তাৰ পাচতে মঙলবাৰে শিৱসাগৰ সমষ্টিৰ ৰংপুৰ পঞ্চায়তত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত গুৰুতৰ অনিয়ম হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ ৰংপুৰ পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ নাজমি বেগম নামৰ মহিলা গৰাকীয়ে উত্থাপন কৰিছে অভিযোগ ৷
শিৱসাগৰত অৰুণোদয় আঁচনিত অনিয়মৰ অভিযোগ - শিৱসাগৰত অৰুণোদয় আঁচনিত অনিয়ম
নীতি বহিৰ্ভুতভাৱে শিৱসাগৰৰ কেইবাটাও পঞ্চায়তত একাংশ বিজেপি নেতাই অৰুণোদয় আঁচনি লাভ কৰিব নলগীয়া লোকৰ নাম হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
অৰুণোদয় আঁচনিৰ অন্তৰ্গত সকলো নিয়ম পৰিহাৰ কৰি বিজেপি দলৰ পালিনেতাই নীতি বহিৰ্ভুতভাৱে আঁচনিৰ সুবিধা লাভ কৰিবনলগীয়া লোকৰ নাম সোমোৱাবলৈ হেঁচা প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ আনহাতে শিৱসাগৰ জিলাৰ উপায়ুক্তইয়ো এনে নিয়ম বৰ্হিভুত নিৰ্দেশ প্ৰদান কৰা কেতবোৰ তথ্য ৰাজহুৱা হৈছে ৷ এই সন্দৰ্ভত ৱাৰ্ড মেম্বাৰ গৰাকীয়ে কয় যে, অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত ধনী আৰু নিৰ্দেশনাৰ বাহিৰত থকা পৰিয়ালক নিৰ্বাচিত নকৰাৰ বাবে বিজেপি দলৰ একাংশ নেতাই হেঁচা দিছে, আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচনী টোপৰূপে সকলোকে আঁচনিৰ অন্তৰ্ভুক্ত কৰিবলৈ ৷ সমগ্ৰ বিষয়টোত ঐক্য সেনা অসমৰ শিৱসাগৰ জিলা সমিতিয়ে তীব্ৰ বিৰোধিতা প্ৰকাশ কৰিছে ৷