অসম

assam

ETV Bharat / state

ডিমৌত গ্ৰাম্য পথ নিৰ্মাণত ব্যাপক বিসংগতি - Scam at road construction at demow of Sivsagar

বৃহত্তৰ বকতা মৌজাৰ খামুন সংযোগী ঐতিহাসিক হাৰিপৰা আলিটো নিৰ্মাণৰ বাবে SOPD পুঁজিৰ শিতানত 51 লাখ 91 হাজাৰ টকা অনুমোদন হৈছিল যদিও মাত্ৰ 300 মিটাৰ কাম হে সম্পূৰ্ণ কৰিছে ঠিকাদাৰ গৰাকীয়ে ৷ কিন্তু চৰকাৰী তথ্য অনুসৰি এই পথটোৰ 80 শতাংশ কাম সম্পূৰ্ণ হল ৷

Scam at road construction at demow of Sivsagar
ডিমৌত গ্ৰাম্য পথ নিৰ্মাণত ব্যাপক বিসংগতি

By

Published : Nov 6, 2020, 2:02 PM IST

শিৱসাগৰ, 6 নৱেম্বৰ: 107 নং থাওৰা বিধানসভা সমষ্টিৰ প্ৰাণকেন্দ্ৰ ডিমৌ চাৰিআলিৰ পৰা বৃহত্তৰ বকতা মৌজাৰ খামুন সংযোগী ঐতিহাসিক হাৰিপৰা আলিটো নিৰ্মাণত ব্যাপক বিসংগতি সংঘটিত হোৱা অভিযোগ ৷ বিগত বহুবছৰ ধৰি এই ঐতিহাসিক পথটো বিধ্বস্ত হৈ থকাৰ বাবে যমৰ যাতনা ভুগিবলগীয়া হৈছে দৈনিক অহা যোৱা কৰা প্ৰায় শতাধিক গাঁৱৰ ৰাইজে ৷ ৰাইজৰ বহু আবেদন নিবেদনৰ পাছত ডিমৌ গড়কাপ্তানী উপ-সংমণ্ডল কাৰ্যালয়ৰ অন্তৰ্গত এই বিধ্বস্ত পথটো 2018 চনৰ 3 নৱেম্বৰ তাৰিখে পুনৰ মেৰামতিৰ বাবে বিভাগে SOPD পুঁজিৰ শিতানত অনুমোদন কৰিছিল 51 লাখ 91 হাজাৰ টকা ৷ পথটো নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰিছিল থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰীয়ে ৷ কিন্তু উক্ত পথটিৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰা দুটা বছৰ অতিক্ৰম হল যদিও আজি তাৰিখলৈকে সম্পূৰ্ণ হৈ নুঠিল ৷ যাৰ বাবে,ডিমৌৰ এজন সংবাদকর্মীয়ে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আবেদন কৰাত ডিমৌ গড়কাপ্তানী উপ-সংমণ্ডল কাৰ্যালয়ে দিয়া তথ্যত ওলাই পৰিল জুলুঙাৰ মেকুৰী ৷

ডিমৌত গ্ৰাম্য পথ নিৰ্মাণত ব্যাপক বিসংগতি

আৰ টি আইৰ তথ্য অনুসৰি শিৱসাগৰ নগৰৰ সঞ্জীৱ মেথিউছ নামৰ এজন ঠিকাদাৰৰ নামত আবন্টিত হোৱা এই পথটোৰ 80 শতাংশ কাম সম্পূৰ্ণ হ'ল বুলি গড়কাপ্তানী বিভাগৰ কাৰ্যলয়ে জানিবলৈ দিয়ে । কিন্তু ডিমৌ চাৰিআলিৰ পৰা মাত্ৰ 300 মিটাৰ কাম হে সম্পূৰ্ণ কৰিছে ঠিকাদাৰ গৰাকীয়ে ৷ এই দৰে অতি কম কাম কৰি ঠিকাদাৰ গৰাকীয়ে বাকী টকা আত্মসাৎ কৰিলে বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় দল সংগঠনে ৷ ইয়াৰ পাছতে দল সংগঠন আৰু আৰ টি আই কৰ্মীৰ অভিযোগৰ ভিত্তিত ডিমৌৰ ৰাজহ চক্ৰ বিষয়া ইণ্ডিকা গগৈয়ে এসপ্তাহৰ ভিতৰত বাকী অংশ কাম কৰিবলৈ ডিমৌ গড়কাপ্তানী উপ-সংমণ্ডল কাৰ্যালয় বিষয়া সীমান্ত তামূলীক নিৰ্দেশ দিয়ে ৷ ইফালে ডিমৌ সংবাদকর্মী সকলে উপ-সংমণ্ডল কাৰ্যালয় বিষয়া সীমান্ত তামূলীৰ পৰা উক্ত বিষয়ৰ সন্দৰ্ভত জানিব বিচৰাত কোনো ধৰণৰ মন্তব্য প্ৰদান কৰাৰ পৰা বিৰত থাকে ৷

লগতে পঢ়কঃ অসম ৰাজ্যিক চিৰিয়াখানাত মুকলি হ’ল দুস্প্ৰাপ্য প্ৰজাতিৰ মাকাউ আৰু কেংগেৰু

ABOUT THE AUTHOR

...view details