আমগুৰি,১৬ মাৰ্চ:কংগ্ৰেছে আনিলে অবৈধ বাংলাদেশী । নিকৃষ্ট ৰাজনীতি কৰিছে কংগ্ৰেছে । অসমীয়া জাতিৰ পক্ষত কংগ্ৰেছ নাই । বদৰুদ্দিন আজমলক কোনো যুক্তিতেই অসমীয়া জাতিৰ ভাগ্য নিয়ন্তা হ'বলৈ নিদিও-এনে উদাত্ত ভাষণ সৰ্বানন্দ সোণোৱালৰ । মঙলবাৰে আমগুৰিত বিজেপি অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাৰ হৈ প্ৰচাৰ চলাবলৈ আহি মুখ্য মন্ত্ৰী সোণোৱালে আমগুৰিত প্ৰদীপ হাজৰিকাক পুনৰবাৰ জয়ী কৰাবলৈ আহ্বান জনায় । প্ৰায় তিনি হাজাৰ অগপ আৰু বিজেপি কৰ্মীৰ সন্মুখত ভাষণ দিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভাষণৰ সময়ত দেখা গ'ল খালী চকী ।
আজমলক ভাগ্য নিয়ন্তা হ’বলৈ নিদিওঁ: সৰ্বানন্দ সোণোৱাল - খালী চকীৰ সন্মুখত মুখ্যমন্ত্ৰী সোনোৱালে
কংগ্ৰেছে আনিলে অবৈধ বাংলাদেশী । নিকৃষ্ট ৰাজনীতি কৰিছে কংগ্ৰেছে । অসমীয়া জাতিৰ পক্ষত কংগ্ৰেছ নাই । বদৰুদ্দিন আজমলক কোনো যুক্তিতেই অসমীয়া জাতিৰ ভাগ্য নিয়ন্তা হ'বলৈ নিদিওঁ- এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷
আমগুৰিত সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ
সভাত প্ৰায় ত্ৰিশ হাজাৰ কৰ্মী সমবেত হোৱাৰ লক্ষ্য আগত ৰাখি অনুষ্ঠিত কৰা নিৰ্বাচনী সভাত খালী চকীৰ সন্মুখত মুখ্যমন্ত্ৰী সোণোৱালে ভাষণ দিয়া কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে । গৌৰীসাগৰৰ দুৰ্লভ গগৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত নিৰ্বাচনী সভাত সাংসদ তপন কুমাৰ গগৈসহ অগপ বিজেপিৰ কৰ্মী উপস্থিত থাকে ৷
লগতে পঢ়কঃশাসনাধিষ্ঠৰ ‘কা’ক অগ্ৰাহ্যকৰণ, লংকাৰ তামিলৰ বিষয়টোৱে ঘোষণা পত্ৰক অধিক উচ্চকাংক্ষী কৰি তুলিছে