বাংগালুৰুত শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজীৰ চৰ্চা অসমীয়া সমাজৰ - মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ
দেওবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উদযাপন কৰা হয় । বাংগালোৰৰ অসমীয়া সমাজৰ দ্বাৰা শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজীৰ চৰ্চা কৰা হয় ৷
আমগুৰি, ১ ছেপ্টেম্বৰ: বাংগালুৰুত শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজীৰ চৰ্চা অসমীয়া সমাজৰ ৷ দেওবাৰে সমগ্ৰ ৰাজ্যৰ উপৰিও বাংগালুৰুতো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উদযাপন কৰা হয় । নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতিস্থাপক মহাপুৰুষ জনাৰ অপূৰ্ব সৃষ্টিৰাজিৰ প্ৰসাৰৰ উদ্দেশেৰে সুদূৰ বাংগাৰলুৰুত থকা অসমীয়া সমাজে বাংগালুৰুৰ মাৰাঠালি চিনপাহালী লেৱাউটত গুৰুজনাৰেই সৃষ্টি নামঘৰ প্ৰতিস্থা কৰি চৰ্চা কৰি আহিছে । বাংগালোৰত থকা অসমীয়া সমাজে ২০১৮ চনতে নামঘৰ প্ৰতিষ্ঠা কৰি গুৰুজনাৰ বিৰচিত সত্ৰীয়া কৃষ্টি, অংকীয়া নাট চৰ্চা কৰাৰ লগতে পৱিত্ৰ ভাদ মাহত নাম -কীৰ্ত্তনেৰে, প্ৰাৰ্থনা পদ ,স্তুতি, ঘোষাৰে মুখৰিত কৰি তুলিছে বাংগালুৰুস্থিত নামঘৰ প্ৰাংগন ।