অসম

assam

ETV Bharat / state

শিৱদ'লত চাফাই অভিযান জিতু এন্টাৰপ্ৰাইজৰ

দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হৈছে ঐতিহাসিক শিৱদ'ল ৷ শিৱদ'লৰ প্ৰৱেশ দ্বাৰ মুকলি কৰাৰ পিছতে শিৱদ'লৰ চৌহদ পৰিষ্কাৰ কৰাৰ এক পদক্ষেপ গ্ৰহণ কৰে জিতু এন্টাৰপ্ৰাইজ নামৰ শিৱসাগৰৰ এটা বে-চৰকাৰী প্ৰতিষ্ঠানৰ কর্মকৰ্তা সকলে ।

Sanitization in shiva dol sivasagar
শিৱদ'লত চাফাই অভিযান জিতু এন্টাৰপ্ৰাইজৰ

By

Published : Aug 19, 2021, 7:31 PM IST

শিৱসাগৰ, 19 আগষ্ট :ভাদ মাহৰ পহিলা দিনটোৰ পৰাই দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হৈছে ঐতিহাসিক শিৱদ'ল ৷ ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিগত 3 মাহে বন্ধ হৈ আছিল শিৱসাগৰৰ শিৱদ'ল ৷ শিৱদ'লৰ প্ৰৱেশ দ্বাৰ মুকলি কৰাৰ পিছত বৃহস্পতিবাৰে পুৱাৰে পৰা শিৱদ'লৰ চৌহদ পৰিষ্কাৰ কৰাৰ এক পদক্ষেপ গ্ৰহণ কৰে জিতু এন্টাৰপ্ৰাইজ নামৰ শিৱসাগৰৰ এটা বে-চৰকাৰী প্ৰতিষ্ঠানৰ কর্মকৰ্তা সকলে ।

শিৱদ'ল পৰিচালনা সমিতিৰ অনুমতি সাপেক্ষে প্ৰতিষ্ঠান খনৰ মালিক ৰফিকুল হাজৰিকাৰ নেতৃত্বত ২০ জনীয়া এটা দলে চাফাই অভিযান চলাই শিৱদ'লৰ চৌহদত । বিভিন্ন ঠাইৰ পৰা অহা ভক্তসকলে যাতে কোনো ধৰণৰ সমস্যাত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি শিৱদ'লৰ চৌহদ চেনিটাইজ কৰাৰ লগতে ওখ হৈ থকা বন-লতা, শেলুৱৈ আদিবোৰ অত্যাধুনিক যন্ত্ৰ-পাতিৰ সহায়ত আঁতৰাই পৰিষ্কাৰ কৰে ।

শিৱদ'লত চাফাই অভিযান জিতু এন্টাৰপ্ৰাইজৰ

সাংবাদিকৰ আগত ৰফিকুল হাজৰিকাই কয়, ভাদ মাহত সেৱা ল'বৰ বাবে শ শ লোকে ভিৰ কৰে শিৱদ'লত ৷ সেয়েহে শিৱদ'ললে অহা দৰ্শনাৰ্থীয়ে যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়, তাৰ বাবে চাফাই অভিযান চলোৱা হয় ৷ উল্লেখ্য যে, জিতু এন্টাৰপ্ৰাইজৰ এই প্ৰচেষ্টাৰ শলাগ লৈছে শিৱদ'ল পৰিচালনা সমিতিৰ লগতে শিৱদ'লৰ ভক্ত সকলে ৷

লগতে পঢ়ক:ৰে’ল যাত্ৰাৰ বাবে এতিয়াৰে পৰা প্ৰযোজ্য হ’ব এই নিয়ম...

ABOUT THE AUTHOR

...view details