শিৱসাগৰ, 12 জুলাই:অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, আৰক্ষীৰ শেহতীয়া এনকাউণ্টাৰ আৰু ৰাজ্যখনৰ কেইবাটাও বিষয়ক লৈ সৰৱ হৈ উঠিছে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ ৷ সোমবাৰে শিৱসাগৰ প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি এই বিষয়সমূহক লৈ সৰৱ হৈ পৰে পৰিষদৰ সভাপতি দেৱজিৎ দত্ত ৷ চৰকাৰক অতি শীঘ্ৰে আকাশলংঘী মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাই ইয়াৰ অন্যথা তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হোৱাৰ বাবে সাজু থাকিবলৈ চৰকাৰক সকীয়াই দিয়ে সংগঠনটোৱে ৷
ক'ভিডৰ গ্ৰাসত পৰা দৰিদ্ৰসকলক চৰকাৰে সামান্যতমো আৰ্থিক সাহায্য নিদিয়াত ক্ষোভ প্ৰকাশ কৰি পৰিষদে দৰিদ্ৰ পৰিয়ালক অতি কমেও পাঁচ হেজাৰ টকাকৈ সাহাৰ্য প্ৰদানৰ দাবী জনায় ৷ ইয়াৰ লগতে পেট্ৰ'ল, ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাত চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হোৱা বুলি সমালোচনা পৰিষদৰ ৷
উল্লেখ্য যে,শিৱসাগৰ জিলা যোগান বিভাগে অসাধু ব্যৱসায়ী চক্ৰক নিয়ন্ত্ৰণ কৰাত বিফল হোৱা বুলিও সমালোচনা কৰিছে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে ৷ লগতে তৎকালীনভাৱে আকাশলংঘী মূল্যবৃদ্ধি ৰোধ নকৰিলে ৰাজপথত নামিবলৈ বাধ্য হ'ব বুলি সংবাদমেলখনৰ জড়িয়তে হুংকাৰ দিছে পৰিষদে ৷ আনহাতে সোমবাৰৰ পৰা আৰম্ভ হোৱা বাজেট অধিৱেশন কালতে শিৱসাগৰৰ পৰ্যটন উদ্যোগৰ বাবে আৰ্থিক পেকেজৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে সংগঠনটোৱে ৷ এই ক্ষেত্ৰত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে যি পৰিকল্পনা কৰিছে সেই পৰিকল্পনা বাস্তৱ কৰিবলৈ চৰকাৰক সহযোগ কৰিবলৈ আহ্বান জনাইছে পৰিষদে ৷