নাজিৰা, 8 চেপ্তেম্বৰ: নাজিৰাৰ গেলেকী সংৰক্ষিত বনাঞ্চলত শিৱসাগৰ বন বিভাগৰ দ্বাৰা নিৰ্মিত উদ্যানৰ শুভাৰম্ভ ৷ শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী গেলেকীৰ কমলাবাৰীৰ কাষত সোমবাৰে সাহিত্য মনিষী উপবন নামৰ উদ্যানখন উদ্বোধন কৰা হয় ৷ উপবন খন উদ্বোধন কৰে অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷গেলেকীৰ কমলাবাৰীৰ কাষত বন বিভাগ শিৱসাগৰৰ দ্বাৰা নিৰ্মাণ কৰা উদ্যান খনত থাকিব ১০০০ বিধ বিভিন্ন গছ ৷ অসমৰ জৈৱবৈচিত্ৰতাৰ সুৰক্ষাৰ স্বাৰ্থত সাহিত্য মনিষী উপবন খনে বিশেষ ভুমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ৷
১০০০ বিধ বিভিন্ন গছ ৰখাৰ পৰিকল্পনাৰে নাজিৰাত সাহিত্য মনিষী উপবন উদ্বোধন - বন বিভাগ শিৱসাগৰ
বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ সাহিত্য মনিষী উপবন উদ্বোধন ৷ সোমবাৰে উদ্যানখন উদ্বোধন কৰা হয় ৷ অনুষ্ঠানত উপস্থিত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে মাহমৰা সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক গড়কাপ্তানী মন্ত্ৰী যোগেন মহন,থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী আৰু বিভিন্নজন ৷

উদ্যানৰ শুভাৰম্ভ অনুষ্ঠানত পৰিৱেশ আৰু বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে মাহমৰা সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক গড়কাপ্তানী মন্ত্ৰী যোগেন মহন,থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী লগতে ভাৰতীয় জনতা পাৰ্টিৰ শিৱসাগৰ জিলাৰ সভানেত্ৰী সুৰভী ৰাজকুঁৱৰী, নাজিৰা মহকুমা আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ বিষয়া সকল উপস্থিত থাকে৷ শুক্লবৈদ্যই মন্তব্য কৰে যে অসম চৰকাৰে অসমত হাজাৰ হাজাৰ বৃক্ষৰোপণ কৰি বনাঞ্চলৰ জৈৱবৈচিত্ৰতাৰ সুৰক্ষাৰ বাবে অহোপুৰুষাৰ্থ কৰিছে ৷ অনুষ্ঠানত উপস্থিত থাকি সীমা সমস্যাৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বন মন্ত্ৰী গৰাকীয়ে ৷