শিৱসাগৰ, 14 অক্টোবৰ : শিৱসাগৰ বৰ্ডিং খেলপথাৰৰ সৰস্বতী নিৰ্মলপ্ৰভা বৰদলৈ সোঁৱৰণী ক্ষেত্ৰত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে সদৌ অসম লেখিকা সমাৰোহৰ ঊনবিংশতিতম দ্বি-বাৰ্ষিক শিৱসাগৰ অধিৱেশন (Sadou Asom Lekhika Samaroh held in Sivasagar) । চাৰিদিনীয়াকৈ আয়োজিত হোৱা এই অধিৱেশনখনিৰ বৃহস্পতিবাৰে আবেলি প্ৰতিনিধি শিবিৰ মুকলি কৰে শিৱসাগৰ পৌৰসভাৰ সভাপতি মৃনালী কোঁৱৰে ।
শিৱসাগৰ মিলন মন্দিৰত অনুষ্ঠিত হোৱা প্ৰতিনিধি শিৱিৰত অসমৰ প্ৰতিখন জিলাৰ লগতে ৰাজ্যৰ বাহিৰৰ পৰাও অহা প্ৰায় তিনি শতাধিক প্ৰতিনিধি উপস্থিত থাকে ৷ ইয়াৰ পিছতেই সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ড৹ চাৰু চহৰীয়া নাথৰ সঞ্চালনাত প্ৰতিনিধিবৰ্গৰ সৈতে কেন্দ্ৰীয় আৰু আদৰণি সমিতিৰ সদস্যাসকলৰ এক অন্তৰংগ আলাপ অনুষ্ঠিত হয় ।
অভ্যৰ্থনা সমিতিৰ সভানেত্ৰী অপৰাজিতা ভূঞাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত শিক্ষাবিদ কাৰ্তিক দত্ত, অমল দত্ত, সমাজকৰ্মী ৰজনী চাংকাকতি, জ্যেষ্ঠ সাংবাদিক সোমেশ ডেকাকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । ইফালে বৰ্ডিং খেলপথাৰৰ সৰস্বতী নিৰ্মলপ্ৰভা বৰদলৈ সোঁৱৰণী ক্ষেত্ৰত কালি স্বাস্থ্য সেৱা শিৱিৰ মুকলি কৰা হয় ।
আনহাতে, শুকুৰবাৰে অধিৱেশনৰ দ্বিতীয় দিনা পুৱা 8:30 বজাত পতাকা উত্তোলন, 9 বজাত বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পন, 10 বজাত বৃক্ষৰোপন, 10:15 বজাত প্ৰদৰ্শনীৰ দ্বাৰ মুকলি, গ্ৰন্থমেলাৰ দ্বাৰ মুকলি, দিনৰ 11 বজাত অন্নদা শইকীয়া সোৱৰণী আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয় । স্বাধীনতাৰ পৰৱৰ্তী কালৰ অসমীয়া উপন্যাস সাহিত্য শীৰ্ষক বিষয়ত আলোচক হিচাপে উপস্থিত থাকে মহিলা বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড৹ মহাশ্বেতা দেৱী ।