অসম

assam

ETV Bharat / state

আমগুৰিত গ্ৰেপ্তাৰ গভাইত গৰুচোৰ - AAMGURI

হালোৱাটিং আৰক্ষীয়ে আমগুৰি চাহ বাগিচাৰ পৰা গ্ৰেপ্তাৰ কৰিছে তিনিটাকৈ গভাইট চোৰক ৷

Rustler Arrested from aamguri Sivsagar
আমগুৰিত গ্ৰেপ্তাৰ গভাইত গৰুচোৰ

By

Published : Jun 14, 2020, 8:40 AM IST

আমগুৰি, ১৪ জুনঃশিৱসাগৰ জিলাৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙত গৰু চোৰ গ্ৰেপ্তাৰ ৷ হালোৱাটিং আৰক্ষীয়ে আমগুৰি চাহ বাগিচাৰ পৰা গ্ৰেপ্তাৰ কৰিছে তিনিটাকৈ গভাইট চোৰক ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰ কেইটা ক্ৰমে, হালোৱাটিং কপাহতলী মিছিং গাঁৱৰ বিকাশ পাংগিং(২৯), সনাতন টায়(২১) আৰু প্ৰণৱ নৰহ(২৬) বুলি জানিব পৰা গৈছে । চোৰ তিনিটাই গৰু চুৰি কৰি নগালেণ্ডত বিক্ৰি কৰি চলাই আহিছিল বৃহৎ ব্যৱসায় ৷

আমগুৰিত গ্ৰেপ্তাৰ গভাইত গৰুচোৰ
আৰক্ষীয়ে বিকাশ পাংগিঙৰ হাতৰপৰা নগদ ৩৮,০০০ টকা উদ্ধাৰ কৰিছে ৷ ইতিমধ্যে হালোৱাটিং আৰক্ষীয়ে ১৯/২০২০ নম্বৰৰ এটি গোচৰ পঞ্জীয়ন কৰি ৩৭৯ ধাৰাত গৰু চোৰত অভিযুক্ত তিনিটাক জেললৈ প্ৰেৰণ কৰিছে ।

ABOUT THE AUTHOR

...view details