মৰাণ,২৮ মাৰ্চ:ভাৰত তথা অসমৰ উৎপাদিত চাহৰ অধিকাংশ ক্ৰয় কৰে ৰাছিয়াই(Russia buy maximum tea from Assam)। পৃথিৱীৰ ভিতৰত ৰাছিয়ালৈ ভাৰতে সৰ্বাধিক চাহ ৰপ্তানি কৰি আহিছে । ক'ভিডৰ ভয়াবহ পৰিস্থিতিৰ মাজতো ভাৰতে ২০২০ বৰ্ষত ৰাছিয়ালৈ ৰপ্তানি কৰিছিল ২৫.২২ মেট্ৰিক টন চাহপাত, যাৰ বজাৰ মূল্য ৪৫৩.২৬ কোটি ।
২০২১ বৰ্ষতো ভাৰতে ২৭.২৪ মেট্ৰিকটন চাহপাত ৰপ্তানিৰে ৪৮৭.০৪ কোটি টকাৰ ব্যৱসায় কৰিছিল । কিন্তু বৰ্তমান ৰাছিয়া ইউক্ৰেইণৰ মাজত চলি থকা যুদ্ধৰ বাবে হয়তো ভাৰতৰ চাহ ৰাছিয়াই ক্ৰয় কৰিব নোৱাৰিব । তেনে ক্ষেত্ৰত এইবছৰ প্ৰায় অনুমানিক ৫০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে দেশৰ চাহ উদ্যোগে যাৰ পোনপটীয়া প্ৰভাৱ পৰিব অসমৰ চাহৰ ওপৰত ।