শিৱসাগৰ,16 জানুৱাৰীঃউদুলি মুদুলি ৰংঘৰৰ বাকৰি ৷ পহিলা মাঘৰ দিনা টাই আহোম যুৱ পৰিষদৰ উদ্যোগত ৰংঘৰ বাকৰিত অনুষ্ঠিত হৈছে ৰংপুৰ মেলা ৷ মাঘ মাহৰ ৰংপুৰ মেলা উপলক্ষে অনুষ্ঠিত হৈছে বিভিন্ন বৰ্ণিল কাৰ্যসূচী ৷ কেৱল সাংস্কৃতিক কাৰ্যসূচীয়েই নহয় ছাত্ৰ ছাত্ৰীৰ মাজত আয়োজন কৰা হয় চিত্ৰাংকন,ৰচী টনা,পিছল খুটা বগুৱা আদিকে ধৰি ভালেমান কাৰ্যসূচীৰ ।
পুৱাৰ পৰা পতাকা উত্তোলন,মৈদাম তৰ্পণ অনুষ্ঠানৰ পাছত ৰংপুৰ মেলা আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰে পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি দিগন্ত তামুলীয়ে। দিগন্ত তামুলীয়ে নিজৰ ভাষণত প্ৰাচীন ৰংপুৰৰ ঐতিহ্য,সমন্বয় আৰু সম্প্ৰীতিৰ বান্ধোন শক্তিশালী কৰাৰ বাবে বিগত ১০ বছৰ ধৰি ৰংপুৰ মেলাৰ আয়োজন কৰি অহা হৈছে বুলি প্ৰকাশ কৰে। অনুষ্ঠানৰ মাজতে দিগন্ত তামুলীয়ে জাতিধ্বংসী সংশোধিত নাগৰিকত্ব আইন বাতিল কৰাৰ দাবী উত্থাপন কৰি আগন্তুক নিৰ্বাচনত শাসকীয় বিজেপি দলক যোগ্য প্ৰত্যুত্তৰ দিবলৈ আহ্বান জনায় ৰাইজক।