অসম

assam

ETV Bharat / state

শিৱসাগৰত চলন্ত গাড়ীৰ পৰা ডকাইতে লুটি নিলে লক্ষাধিক টকা - দিন ডকাইতি

শিৱসাগৰত দিন ডকাইতি ৷ চলন্ত গাড়ীৰ পৰা ধন লৈ উধাও হ'ল দুৰ্বৃত্ত ৷

শিৱসাগৰত দিন ডকাইতি

By

Published : Jun 28, 2019, 3:51 PM IST

শিৱসাগৰ,28 জুন : শিৱসাগৰ নগৰত শুকুৰবাৰে দিন দুপৰতে সংঘটিত হয় এক ডকাইতিৰ ঘটনা। পালচাৰ বাইকত অহা দুজনীয়া ডকাইতৰ দলে নগৰৰ ষ্টেচন চাৰিআলিৰ সমীপৰ পৰা চলন্ত গাড়ীৰ পৰা লুটি নিয়ে ৩ লাখ ৮৩ হাজাৰ টকা। ঘটনাৰ বিৱৰণী অনুসৰি দুপৰীয়া প্ৰায় ১২ বজাত শিৱসাগৰৰ জিন্টু চুতীয়া আৰু তেওঁৰ তিনি গৰাকী সহযোগীয়ে শিৱসাগৰ নগৰৰ ইউ বি আই বেংকৰ পৰা আদায় লোৱা ধনসহ মৰাণ অভিমুখে গৈ আছিল ।

শিৱসাগৰত দিন ডকাইতি

নগৰৰ ষ্টেচন চাৰিআলিৰ সমীপত তেওঁলোকৰ AS-06J-1615 নম্বৰৰ ৱেগনাৰ বাহনখনৰ গতি ধীৰ হোৱাৰ সুবিধা লৈ এজন যুৱকে খোলা খিৰিকীৰে হাত ভৰাই চলন্ত গাড়ীৰ পৰা লুটি নিলে ধনৰ টোপোলাটো। এখন পালচাৰ বাইকত অহা ডকাইতৰ দলটোৱে গৌৰীসাগৰ অভিমুখে পলায়ন কৰে। ইপিনে ইতিমধ্যে বেংকৰ চিচি টিভি ফুটেজ পৰীক্ষা কৰি অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া।

ABOUT THE AUTHOR

...view details