অসম

assam

ETV Bharat / state

গৌৰীসাগৰত বলিউদী কায়দাত ডকাইতিৰ ঘটনা - গৌৰীসাগৰ আৰক্ষীয়ে

সোমবাৰে নিশা ৭ ছেপ্টেম্বৰৰ নিশা ৮.৩০ বজাত চাৰিং আলি কেঁকুৰিত সংঘটিত হৈছিল ডকাইতিৰ ঘটনা। সম্প্ৰতি যোৰহাটৰ পৰা গৌৰীসাগৰ আৰক্ষীয়ে আটক কৰে ডকাইতৰ দলটো ৷

Robbary  at sivsagar
গৌৰীসাগৰত বলিউদী কায়দাত ডকাইতিৰ ঘটনা

By

Published : Sep 15, 2020, 10:40 PM IST

আমগুৰি,15 ছেপ্তেম্বৰঃ শিৱসাগৰৰ গৌৰীসাগৰত বলিউদী কায়দাত সংঘটিত ডকাইতিৰ ঘটনা। গৌৰীসাগৰ আৰক্ষীয়ে আটক কৰিছে ইতিমধ্যে 6 টাকৈ ডকাইত। আটক হ’ল অনুজ চৰকাৰ,ৰাকেশ গয়াৰী,দীপক কোঁৱৰ,অনুজ গগৈ,সুমন দাস,ৰঞ্জন দাস। উল্লেখযোগ্য যে, ৭ ছেপ্টেম্বৰৰ নিশা ৮.৩০ বজাত চাৰিং আলি কেঁকুৰিত সংঘটিত হৈছিল ডকাইতিৰ ঘটনা । AS-04-7937 নম্বৰৰ এল্ট গাড়ীত আহিছিল ছয় জনীয়া ডকাইতৰ দলটো। এখন টাটা এ চি ই (AS-03AC-4155) ৰ গাড়ীখনৰ পৰা লুটপাত কৰে প্ৰায় আঢ়ৈ লক্ষাধিক টকা।

গৌৰীসাগৰত বলিউদী কায়দাত ডকাইতিৰ ঘটনা

ইপিনে স্থানীয় ৰাইজে ঘটনাৰ বিষয়ে জানিব পাৰি ওলাই অহাত পথাৰলৈ টকাৰ বেগ দলিয়াই দি ডকাইতৰ দলটো পলায়ন কৰে ৷ দ্বিতীয় দিনা ধনৰ টোপোলা বিচাৰি আহিছিল ঘটনাস্থলীলৈ ডকাইতৰ দলটো । কিন্তু আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰে ধনখিনি। অৱশেষত যোৰহাটৰ পৰা গৌৰীসাগৰ আৰক্ষীয়ে আটক কৰে ডকাইতৰ দলটোক। গৌৰীসাগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিব্যজ্যোতি মৰাঙৰ নেতৃত্বত চলিছিল অভিযান। সমগ্ৰ ঘটনাটোৰ টাটা এ চি ই খনৰ চালক দিপু কোঁৱৰে ৰচিছিল ডকাইতৰ নাটক । আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহে সমগ্ৰ ঘটনা।

লগতে পঢ়কঃ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু কোভিড-১৯ত আক্ৰান্ত

ABOUT THE AUTHOR

...view details