অসম

assam

ETV Bharat / state

শিৱসাগৰ জিলা পৰিবহণ বিভাগৰ পথ সুৰক্ষা কৰ্মশালা

শিৱসাগৰত মঙলবাৰে এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় পথ সুৰক্ষা সজাগতা কৰ্মশালা । শিৱসাগৰ জিলা পৰিবহণ বিভাগৰ পৃষ্ঠপোষকতাত আৰু জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় এই কৰ্মশালাৰ ৷

শিৱসাগৰ জিলা পৰিবহণ বিভাগৰ পথ সুৰক্ষা কৰ্মশালা

By

Published : Jun 18, 2019, 7:07 PM IST

শিৱসাগৰ,18জুনঃ শিৱসাগৰ জিলা পৰিবহণ বিভাগৰ পৃষ্ঠপোষকতাত আৰু জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত শিৱসাগৰ নগৰৰ যুৱ দলত মঙলবাৰে এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় পথ সুৰক্ষা সজাগতা কৰ্মশালা । শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এছ.লক্ষ্মণনে সভাপতিত্ব কৰা উক্ত কৰ্মশালাত পথ দুৰ্ঘটনা, প্ৰাথমিক চিকিৎসা, যানবাহন নীতি-নিয়ম আৰু পথ দুৰ্ঘটনা সম্বন্ধীয় আইনী বিষয়ৰ ওপৰত আমন্ত্ৰিত সমল ব্যক্তিয়ে নিজ নিজ বক্তব্য ৰাখে । সমগ্ৰ বিশ্বৰ ভিতৰতে ভাৰতত সকলোতকৈ বেছি দুৰ্ঘটনা সংঘটিত হয় । এই অনুষ্ঠানত দুৰ্ঘটনাৰ কাৰণ, তথ্য আৰু নিৰাময় সন্দৰ্ভত এক সমীক্ষা আগবঢ়াই শিৱসাগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত নবীন সিঙে । উল্লেখ্য যে মঙলবাৰৰ কৰ্মশালাত বিভিন্ন বিদ্যালয়ৰ প্ৰতিনিধি, অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়ববীয়া, গাড়ী বিক্ৰী প্ৰতিষ্ঠানৰ কৰ্মচাৰী, আৰক্ষী বিষয়া আদি উপস্থিত থাকি বিষয়সমূহৰ ওপৰত জ্ঞান অৰ্জন কৰি তেওঁলোকৰ নিজস্ব প্ৰতিষ্ঠানত এই সমূহ ব্যাখ্যা কৰিব বুলি জিলা পৰিবহণ বিষয়া সদানন্দ গগৈয়ে জানিব দিয়ে ।

শিৱসাগৰ জিলা পৰিবহণ বিভাগৰ পথ সুৰক্ষা কৰ্মশালা

ABOUT THE AUTHOR

...view details