আমগুৰি, 8 ফেব্ৰুৱাৰী : আমগুৰি দেওৰজা গাঁও পঞ্চায়তৰ ধোদৰআলিৰ পৰা কমাৰচুক সংযোগী পথটো পকীকৰণ নোহোৱাত ক্ষোভ প্ৰকাশ কৰি অৰ্দ্ধশতাধিক মহিলাই লৈছে ভোট বৰ্জনৰ সিদ্ধান্ত ৷ দেওৰজা গাঁও পঞ্চায়তৰ পঞ্চায়ত প্ৰতিনিধিৰ হেমাহিৰ বাবে পথটো উন্নয়ন নোহোৱাৰ অভিযোগ কৰি শীঘ্ৰে পথটো পকীকৰণ কৰিবলৈ দাবী জনায় গাঁৱৰ মহিলাসকলে । অন্যথা নিৰ্বাচনৰ প্ৰাকমুহূৰ্ত্তত ভোট বৰ্জনৰো হুংকাৰ স্থানীয় মহিলাসকলৰ । ৰাস্তা সুচল নোহোৱা বাবে 108 সেৱাৰ গাড়ী গাঁওখনত প্ৰৱেশ কৰিব নোৱাৰাৰ ফলত ৰোগীক সাঙী ভাৰ কৰি ধোদৰ আলিলৈ নিয়াৰ লগতে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰো যাতায়তত অসুবিধা বুলি অভিযোগ তোলে গাঁৱৰ মহিলাসকলে ৷ ইয়াৰ বাবেই আজি স্থানীয় মহিলাসকলে সমূহীয়া শ্ৰমদানেৰে পথছোৱাৰ একাংশ মেৰামতি কৰাৰ লগতে শীঘ্ৰেই পথছোৱাৰ মেৰামতিৰ বাবে স্থানীয় বিধায়কৰ হস্তক্ষেপৰ দাবী উত্থাপন কৰে ৷
ভোট বৰ্জনৰ সিদ্ধান্ত : আমগুৰিত মহিলাই শ্ৰমদানেৰে নিৰ্মাণ কৰিলে পথ - দেওৰজা গাঁও পঞ্চায়তৰ ধোদৰআলিৰ পৰা কমাৰচুক সংযোগী পথ
আমগুৰি দেওৰজা গাঁও পঞ্চায়তৰ ধোদৰআলিৰ পৰা কমাৰচুক সংযোগী পথটো পকীকৰণ নোহোৱাত মহিলাই শ্ৰমদানেৰে নিৰ্মাণ কৰিলে পথ ৷ শীঘ্ৰে পথটো পকীকৰণ কৰিবলৈ দাবী গাঁৱৰ মহিলাসকলৰ ৷
আমগুৰিত মহিলাই শ্ৰমদানেৰে নিৰ্মাণ কৰিলে পথ