আমগুৰি,১০ এপ্ৰিলঃকেন্দ্ৰীয় চৰকাৰে ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত লক ডাউন ঘোষণা কৰাত বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত হাহাকাৰ সৃষ্টি হৈছে এমুঠি চাউলৰ বাবে ৷ তেনে সময়তে শিৱসাগৰ জিলাৰ হালোৱাটিঙত সমবায় সমিতিৰ চাউল উদ্ধাৰ হোৱা ঘটনাই ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
ঘটনাৰ বিৱৰণী অনুসৰি, জিলাখনৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙৰ আমগুৰি সমবায় সমিতিৰ কাৰ্যালয়ৰ প্ৰায় গাতে লাগি থকা মেঘনাথ যাদৱ নামৰ লোকজনৰ ঘৰত সমবায় সমিতিৰ প্ৰায় ১৭ বস্তা চাউল অবৈধভাবে মজুত ৰখা হৈছিল ৷ এই খবৰ লাভ কৰি স্থানীয় সৃষ্টি নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ কৰ্মকৰ্তা ৰাজীৱ মালাকাৰে প্ৰশাসনক খবৰ দিয়ে ৷
ঘটনাৰ খবৰ পোৱা মাত্ৰকে আমগুৰিৰ ৰাজহ চক্ৰ বিষয়া ৰিতুৰাজ বৰদলৈ, অসামৰিক যোগান বিভাগৰ বিষয়া উজ্জ্বল ফুকন, হালোৱাটিং আৰক্ষী থানাৰ উপ-পৰিদৰ্শক সুনীল দাসে অভিযান চলাই যাদৱৰ 17 টা চাউলৰ বস্তা উদ্ধাৰ কৰাৰ লগতে মুকলিকৈ ৰখা ৪০ কিল’গ্ৰাম চাউল উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ প্ৰশাসনৰ লোকে চাউলখিনি জব্দ কৰে যদিও এই কাণ্ডত জড়িত মেঘনাথ যাদৱ সম্প্ৰতি পলাতক অৱস্থাত আছে ৷ চাউলখিনি কোনো সমবায় সমিতিৰ পৰা সুলভ মূল্যত ক্ৰয় কৰি নাগালেণ্ডত অধিক দামত বিক্ৰীৰ বাবে এনেদৰে মজুত কৰি ৰখা বুলি অনুমান কৰে প্ৰশাসনে ৷ স্থানীয় যোগান বিভাগে ব্যক্তিজনৰ বিৰুদ্ধে আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰে ৷
লগতে চাওকঃজোনাইৰ চিমেন চাপৰিত ৫০০ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ