শিৱসাগৰ, 3 জুলাই:ৰাজ্যৰ বজাৰত চেঞ্চুৰীৰ দৰ চুইছে শাক-পাচলিৰ মূল্যই ৷ হাতত এমুঠি টকা লৈ গ’লেও আধাও নভৰে গ্ৰাহকৰ বজাৰৰ মোনা ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ কেকোঁৰা চেপাত প্ৰায় কোঙা হৈ পৰিছে গ্ৰাহক ৷ শাক-পাচলি খাবনে পইচা? ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰৰ বজাৰতো জুই লাগিছে ৷
এফালে চৰকাৰে আঁচনিৰ পাচত আঁচনিৰ সৃষ্টি কৰি হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰিছে আনফালে সাধাৰণ ৰাইজক ব্যাপক মূল্যবৃদ্ধিৰ মাজত ককবকাবলৈ এৰি দিছে ৷ দেউলীয়া চৰকাৰে হিতাধিকাৰী চলাবলৈ ঋণৰ ওপৰত ঋণ লৈ ৰাজ্যৰ ঋণৰ বোজাৰ পৰিমাণ বৃদ্ধি কৰিছে আৰু দৈনিক বজাৰত জুই লগাইছে ৷ শিৱসাগৰৰ বজাৰত কেৱল শাক-পাচলিয়েই নহয় চাউলৰ মূল্য ভয়ংকৰ গতিত বৃদ্ধি হৈছে ৷ এতিয়া বিভিন্ন প্ৰকাৰৰ চাউলৰ মূল্য কিলোৱে প্ৰতি বৃদ্ধি হৈছে 15 টকাৰ পৰা 20 টকালৈ ৷ লগতে দাম বাঢ়িছে চিৰা, মুঢ়ি আদি ধানৰ সামগ্ৰীৰ ৷ 25 টকাৰ চাউলৰ মূল্যবৃদ্ধি হৈ প্ৰতিকিলোত 40 কিলো টকা পৰ্যন্ত হৈছেগৈ ৷