অসম

assam

ETV Bharat / state

আকৌ CAA বিৰোধী আন্দোলন আৰম্ভ কৰাৰ হংকাৰ ৭০ সংগঠনৰ - এই চিৰশ্ৰত্ৰু সকলক

শিৱসাগৰত ৭০ টা জাতি-জনগোষ্ঠীয় সংগঠনৰ সংবাদ মেল ৷ অহা ২ জানুৱাৰী তাৰিখৰ পৰা অসমব্যাপী আৰম্ভ কৰিব CAA বিৰোধী আন্দোলন ৷

আকৌ আৰম্ভ হ’ব CAA বিৰোধী আন্দোলনঃ শিৱসাগৰত ৭০ সংগঠনৰ ঘোষণা
আকৌ আৰম্ভ হ’ব CAA বিৰোধী আন্দোলনঃ শিৱসাগৰত ৭০ সংগঠনৰ ঘোষণা

By

Published : Dec 19, 2020, 5:08 PM IST

শিৱসাগৰ,19 ডিচেম্বৰ : শিৱসাগৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত অসমৰ ৭০ টা জাতি জনগোষ্ঠীয় সংগঠনৰ গুৰুত্বপূৰ্ণ সভা । অহা ২ জানুৱাৰীৰ পৰা ৭০ টা জাতি জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত সমগ্র অসমতে আৰম্ভ হ‘ব দ্বিতীয় পৰ্য়ায়ৰ CAA বিৰোধী আন্দোলন । ২ জানুৱাৰীৰ পৰা ৭০ টা জাতি জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত শদিয়াৰ পৰা ধুবুৰী লৈকে "সংকল্প যাত্রা" আৰু "ৰাইজমেলৰ" জড়িয়তে অসম আৰু অসমীয়া জাতিৰ অস্তিত্ব সংকটাপন্ন কৰা জাতিধ্বংসী নাগৰিকতা সংশোধনী আইনৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিব।যাৰ বাবে প্ৰাৰম্ভিক পৰ্যায়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰূপ প্ৰভাৱ সমূহৰ লগতে কিয় CAA অসমত কাৰ্যকৰী কৰা নহ’ব সেই বিষয়ত প্ৰায় ২০ লাখ গোহাৰি চপাই ৰাইজক সজাগ কৰাৰ চেষ্টা কৰিব।

আকৌ আৰম্ভ হ’ব CAA বিৰোধী আন্দোলনঃ শিৱসাগৰত ৭০ সংগঠনৰ ঘোষণা
অসমৰ পৰা বিজেপি আৰু আৰএছএছ'ক উৎখাত কৰাৰ সংকল্প। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু অগপৰ সভাপতি অতুল বৰা অসমীয়া জাতিৰ চিৰ শত্ৰু। এই চিৰশত্ৰু সকলক অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা ওফৰাই দিয়াৰ চেষ্টা কৰিব । বিগত দিনত হোৱা CAA আন্দোলনৰ সাময়িক ব্যৰ্থতা আঁতৰাই এইবাৰ সমস্ত শক্তি উজাৰি নতুন ৰূপত আন্দোলনটোক গঢ় দিয়াৰ পৰিকল্পনা কৰিছে ৭০ টা সংগঠনে ।লগতে পঢ়কঃ কৃষক বিদ্ৰোহক লৈ প্ৰধানমন্ত্ৰী মোডীক আক্ৰমণ চিদাম্বৰমৰ

ABOUT THE AUTHOR

...view details