শিৱসাগৰ,26 জানুৱাৰীঃআজি ৰাষ্ট্ৰজুৰি উদযাপন কৰা হৈছে দেশৰ 72 তম গণৰাজ্য দিৱস ৷ আজিৰ এই দিনটোতে ভাৰতীয় সংবিধান গৃহীত কৰা হৈছিল 1950 চনৰ 26 জানুৱাৰী তাৰিখে ৷ তেতিয়াৰ পৰাই 26 জানুৱাৰী দিনটো প্ৰতিবছৰে গণৰাজ্য দিৱস হিচাপে উদযাপন কৰি অহা হৈছে ৷ আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ শিৱসাগৰ জিলাত ৭২ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন।
শিৱসাগৰত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিলে মন্ত্ৰী যোগেন মহনে - শিৱসাগৰ নগৰৰ বৰ্ডিং খেল পথাৰ
শিৱসাগৰ নগৰৰ বৰ্ডিং খেল পথাৰত জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা গণৰাজ্য দিৱসত চৰকাৰী প্ৰতিনিধি ৰূপে উপস্থিত থাকে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন । মন্ত্ৰী গৰাকীয়ে গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি গণৰাজ্য দিৱসৰ পেৰেডৰ অভিবাদন গ্ৰহণ কৰে।
শিৱসাগৰ নগৰৰ বৰ্ডিং খেল পথাৰত জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা গণৰাজ্য দিৱসত চৰকাৰী প্ৰতিনিধি ৰূপে উপস্থিত থাকে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন । মন্ত্ৰী গৰাকীয়ে গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি গণৰাজ্য দিৱসৰ পেৰেডৰ অভিবাদন গ্ৰহণ কৰে। গণৰাজ্য দিৱসৰ উপলক্ষে ৰখা বক্তব্যত মন্ত্ৰী গৰাকীয়ে ভাৰত নিৰ্মাণৰ মনিষী সকলক স্মৰণ কৰি ৰাজ্যখনৰ সামগ্ৰিক উন্নয়ণৰ খতিয়ান দাঙি ধৰে ।
লগতে পঢ়কঃ সাহিত্যিক,কথাশিল্পী ইমৰান শ্বাহলৈ পদ্মশ্ৰী সন্মান