অসম

assam

ETV Bharat / state

বৰ্ডিং খেলপথাৰত সাংবাদিকৰ অন্তৰংগ আলাপ

শিৱসাগৰ নগৰত অনুস্থিত গ্ৰন্থ উৎসৱত সাংবাদিকৰ অন্তৰংগ আলাপ ৷ গীত মাত আৰু সাংবাদিকৰ জীৱন দুৰ্দশাৰ কথাৰে জীপাল গ্ৰন্থ উৎসৱৰ বাকৰি ৷

By

Published : Nov 11, 2019, 8:16 PM IST

বৰ্ডিং খেলপথাৰত সাংবাদিকৰ অন্তৰংগ আলাপ

শিৱসাগৰ, 11 নবেম্বৰ: ৩ নৱেম্বৰৰ পৰা শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত অনুস্থিত হৈ থকা ষষ্ঠ শিৱসাগৰ গ্ৰন্থ উৎসৱত সোমবাৰে এক ব্যতিক্ৰমী অনুষ্ঠান অনুস্থিত হয় । 'খোজ'ৰ উদ্যোগত আয়োজন কৰা গ্ৰন্থ উৎসৱত শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ সাংবাদিক সকলৰ আলাপত শতাধিক সাংবাদিকে অংশগ্ৰহণ কৰে । এই অনুষ্ঠানত শিৱসাগৰ নগৰৰ লগতে ডিমৌ, নাজিৰা, শিমলুগুৰি, আমগুৰি আদি বিভিন্ন ঠাইৰ সাংবাদিকে অংশগ্ৰহণ কৰি নিজ নিজ অভিজ্ঞতা-স্মৃতি ৰোমন্থন কৰাৰ লগতে সাংবাদিক জীৱনৰ বেয়া দিনবোৰ কথা উল্লেখ কৰে ।

সাংবাদিক জীৱনৰ দৈন্যতা, দুখ, কষ্ট, অভিমান আদি বিভিন্ন অনুভৱ সমূহ মুকলিকৈ প্ৰকাশ কৰা এই অনুষ্ঠানত সাংবাদিক জীৱনৰ ত্যাগ প্ৰতিফলিত হয় ৷ নিম্ন হাৰৰ বেতন, সাংবাদিক সুৰক্ষাৰ অভাৱ আদি বিভিন্ন বিষয়ত আলোচনা হোৱা আলাপ অনুষ্ঠান গীত মাতেৰে জীপাল কৰি তোলে সাংবাদিক অতনু বৰা আৰু নবোল কোঁৱৰে । অনন্ত স্মিথ আৰু মুজাহিদ আলিয়ে আঁতধৰা অনুষ্ঠানটিৰ শেষত সকলো সাংবাদিকে কৰ্ম জীৱনৰ ক্ষোভ-দুখ পাহৰি গীতৰ তালে তালে নাচি কিঞ্চিত আনন্দ উপভোগ কৰে ।

বৰ্ডিং খেলপথাৰত সাংবাদিকৰ অন্তৰংগ আলাপ
শিৱসাগৰ বৰ্ডিং খেলপথাৰত সাংবাদিকৰ অন্তৰংগ আলাপ

ABOUT THE AUTHOR

...view details