কোঁৱৰপুৰ, 13 মাৰ্চঃশুকুৰবাৰে শিৱসাগৰৰ কোঁৱৰপুৰ প্ৰেছক্লাৱৰ উদ্যোগত কোঁৱৰপুৰ ল'ৰা মজলীয়া বিদ্যালয়ত অনুষ্ঠিত হয় এখন সম্বৰ্ধনা সভা ৷ কোঁৱৰপুৰ প্ৰেছক্লাৱৰ সভাপতি পদুম কুমাৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত, শিৱসাগৰ জিলাৰ নৱ নিযুক্ত উপায়ুক্ত লক্ষীনন্দন গগৈক আদৰণি জনোৱাৰ লগতে বিশেষভাৱে সন্মানিত কৰা হয় ৷ উপায়ুক্ত গৰাকীয়ে আদৰণি অনুষ্ঠানত উপস্থিত ছাত্ৰ-ছাত্ৰী সকলক জীৱনৰ লক্ষ্যৰ প্ৰতি সজাগ হবলৈ আহ্বান জনায় ৷
শিৱসাগৰৰ কোঁৱৰপুৰ প্ৰেছক্লাৱৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠিত সম্বৰ্ধনা সভা - সম্বৰ্ধনা সভা
কোঁৱৰপুৰ প্ৰেছক্লাৱৰ সভাপতি পদুম কুমাৰ শইকীয়াৰ সভাপতিত্বত শুকুৰবাৰে কোঁৱৰপুৰ ল'ৰা মজলীয়া বিদ্যালয়ত অনুষ্ঠিত হয় এখন সম্বৰ্ধনা সভা ৷ সভাত কেইবাগৰাকীও সাংবাদিকক সম্বৰ্ধনা জনোৱা হয় ৷

কোঁৱৰপুৰ প্ৰেছক্লাৱ
কোঁৱৰপুৰ প্ৰেছক্লাৱৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠিত সম্বৰ্ধনা সভা
উল্লেখ্য যে, এই অনুষ্ঠানত সাংবাদিক খলিলুৰ ৰহমান হাজৰিকা, প্ৰশান্ত দাস, মুজাক্কিৰ আহমেদ আৰু বাহাৰ আহমেদক তেওঁলোকে আগবঢ়োৱা সেৱাৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷
লহতে পঢ়কঃকৰ’ণা ভাইৰাছ সম্পৰ্কত নলবাৰীত উপায়ুক্তৰ সতৰ্কীকৰণ সভা