শিৱসাগৰ, 9 আগষ্ট : অসমৰ প্ৰথম গৰাকী ছহিদ সাংবাদিক কমলা শইকীয়াৰ 30 সংখ্যক মৃত্যু তিথি উপলক্ষে শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন ৷ সোমবাৰে সন্ধিয়া শিৱসাগৰ চহৰৰ মুক্তিনাথ চাৰিআলিত ছহিদ সাংবাদিক গৰাকীৰ স্মৃতিত আয়োজন কৰা হয় স্মৃতিচাৰণ শীৰ্ষক এক বিশেষ অনুষ্ঠান ৷ শিৱসাগৰ জিলা সাংবাদিক সংস্থা আৰু কমলা শইকীয়া স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত এই অনুষ্ঠানটো আয়োজন কৰা হয় ৷
অনুষ্ঠানৰ পৰাই সাংবাদিক গৰাকীৰ হত্যাৰ উচিত তদন্তৰ দাবী জনাইছে শিৱসাগৰ জিলা সাংবাদিক সংস্থা আৰু কমলা শইকীয়া স্মৃতি ৰক্ষা সমিতিয়ে ৷ উল্লেখ্য যে, 1991 চনৰ 3 আগষ্ট দিনটোতে আলফাৰূপী দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল সাংবাদিক কমলা শইকীয়াক ৷ দুৰ্বৃত্তৰ হাতত প্ৰাণ আহুতি দিয়া সাংবাদিক গৰাকীৰ হত্যাৰ বিচাৰ নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে সাংবাদিক সংস্থাই ৷ লগতে ছহিদ সাংবাদিক গৰাকীৰ হত্যাৰ তদন্ত চিবিআইক প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে শিৱসাগৰ জিলা সাংবাদিক সংস্থাই ৷