অসম

assam

ETV Bharat / state

Short film Release: ইউটিউবত অন্য এক পৃথিৱী চুটি ছবি মুকলি - New assamese Short film

ইউটিউবত মুকলি কৰা হয় এখন বিশেষ চুটি ছবি । দৃষ্টিহীন যুৱক-যুৱতীক লৈ ৰূপক ভূঞাই নিৰ্মাণ কৰা এখন চুটি ছবি 'অন্য এক পৃথিৱী' মুকলি কৰা হয় । ইতিমধ্যে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান বুটলিবলৈ সক্ষম হৈছে বিশেষ ছবিখনে ।

Release of short film on YouTube in Sivsagar
ইউটিউবত অন্য এক পৃথিৱী চুটি ছবি মুকলি

By

Published : Jun 20, 2023, 8:45 PM IST

ইউটিউবত অন্য এক পৃথিৱী চুটি ছবি মুকলি

শিৱসাগৰ,২০ জুন: অসমীয়া ছবিজগতে এতিয়া এক নতুন গতি লাভ কৰিছে বুলি সৰ্বত্ৰে চৰ্চা আৰম্ভ হৈছে । সদ্যমুক্তিপ্ৰাপ্ত জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ শ্ৰী ৰঘূপতিয়ে খলকনি তুলিছে বক্স অফিচত । ইয়াৰ মাজতে নিৰ্মাণ হৈ আছে বহু ছবি, যি ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি বুটলিবলৈ সক্ষম হৈছে । পিছপৰি ৰোৱা নাই ছুটিছবিসমূহো ।

পিছে এইবাৰ চৰ্চা লাভ কৰিছে এখন বিশেষ ছবিয়ে । বহু কেইটা আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছে এখন ব্যতিক্ৰমী ছবিয়ে । ছবিখন হৈছে ৰূপক ভূঞাৰ অন্য এক পৃথিৱী । শিৱসাগৰৰ বালাজী ক্ৰিয়েছনৰ উদ্যোগত আৰু ৰূপক ভূঞাৰ পৰিচালনাত নিৰ্মাণ কৰা 'অন্য এক পৃথিৱী' নামৰ চুটি ছবিখন মঙলবাৰে ইউ টিউব মাধ্যমত মুকলি কৰা হয় ।

অসমৰ বিভিন্ন প্ৰান্তৰ তেইশগৰাকী দৃষ্টিহীন লোকে অভিনয় কৰা এই ছবিখনে ইতিমধ্যে এক ব্যতিক্ৰমী প্ৰয়াসৰূপে পৰিগণিত হৈছে । প্ৰায় তিনি লাখ টকাৰ বাজেটত সাপেখাতি-চফ্ৰাই আদি বিভিন্ন স্থানত দৃশ্যগ্ৰহণ কৰা এই চুটি ছবিখনে ইতিমধ্যে বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । বিশ্বৰ বিভিন্ন প্ৰান্তৰ ১২ খন আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা দৃষ্টিহীন লোকৰ দ্বাৰা অভিনিত 'অন্য এক পৃথিৱী'য়ে বিভিন্ন মঞ্চত শ্ৰেষ্ঠ চুটি ছবি, বিশেষ পৰীক্ষামূলক ছবি, জুৰিৰ বিশেষ সন্মান আদি বিভিন্ন বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ।

মঙলবাৰে ছবিখন ইউ টিউব মাধ্যমত মুকলি কৰাৰ পূৰ্বে শিৱসাগৰ নগৰৰ কলিতা পেলেচ হোটেলত এক সংবাদ মেল সম্বোধন কৰি নিৰ্মাতা-পৰিচালক ৰূপক ভূঞাৰ লগতে ছবিখনত অভিনয় কৰা শিল্পীয়ে অংশগ্ৰহণ কৰি ছবিখন নিৰ্মাণ প্ৰসংগত অভিজ্ঞতা প্ৰকাশ কৰে । ছবিখন নিৰ্মাণ আৰু নিৰ্দেশনা কৰাত হোৱা প্ৰত্যাহ্বান সন্দৰ্ভত ৰূপক ভূঞাই কয় যে আমাৰ সৰ্ব সাধাৰণ শিল্পীক নিৰ্দেশনা দিবলৈ সহজ । কেনেকৈ কৰিব লাগে দেখুৱাই দিলেই হ'ল । কিন্তু দৃষ্টিহীন সকলৰ বেলিকা দৃশ্য আৰু অভিনয় বুজাবলৈ যথেষ্ট কষ্ট স্বীকাৰ কৰিব লগা হয় ।

দৃষ্টিহীন লোকক লৈ কৰা এই ব্যতিক্ৰমী প্ৰয়াসক ৰাইজে আদৰি লৈ বিশেষভাৱে সক্ষম লোকসকলক উৎসাহিত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে । ইফালে নিৰ্মাতা-পৰিচালক ৰূপক ভূঞাৰ এই বিশেষ পদক্ষেপক প্ৰশংসাৰে ওপচাই তোলে অনুষ্ঠানটিত উপস্থিত ৰাইজে ।

লগতে পঢ়ক:Jagannath Rath Yatra 2023: উদুলি-মুদুলি ডিব্ৰুগড় খনিকৰৰ শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ

ABOUT THE AUTHOR

...view details