শিৱসাগৰত শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগু শিৱসাগৰ, 1 জুলাই :শনিবাৰে শিৱসাগৰত উপস্থিত হয় অভিভাৱক মন্ত্ৰী তথা শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগু ৷ শিৱসাগৰৰ বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা এখন সভাত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰী তথা শিৱসাগৰৰ অভিভাৱক মন্ত্ৰী ডা: ৰণোজ পেগু । শিৱসাগৰ দিৱসৰ লগত সংগতি ৰাখি উক্ত সভাখন অনুষ্ঠিত কৰা হয় ৷
জিলাখনৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু চৰকাৰী কৰ্মচাৰীসকলক শনিবাৰে উক্ত অনুষ্ঠানত প্ৰদান কৰা হয় মানপত্ৰ । শিৱসাগৰ জিলাখনৰ বাবে গ্ৰহণ কৰা অভিলাসী আঁচনিসমূহৰ বিষয়েও ভাষণ প্ৰসংগত জনসাধাৰণৰ আগত সদৰি কৰে ডা: ৰণোজ পেগুৱে ।
আনহাতে শিক্ষা বিভাগৰ ‘দৰ্পণ’ পৰ্টেলটো অহা ৪ জুলাইলৈকে খুলি দিয়া হৈছে বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে । তদুপৰি গৰম বন্ধৰ সময়ছোৱাত বিদ্যালয়ত পাঠদান কৰাব লাগিব বুলি অসম চৰকাৰ অথবা সমগ্ৰ শিক্ষা বিভাগে কোনো ধৰণৰ নিৰ্দেশনা দিয়া নাই বুলি স্পষ্ট কৰি দিয়ে তেওঁ । উক্ত ৰাজহুৱা সভাতে চলিত বছৰৰ ১৪ এপ্ৰিলত সৰ্ববৃহৎ বিহুনাচেৰে গীনিজ বুক অৱ্ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত হোৱা শিৱসাগৰ জিলাৰ ৮০০ গৰাকী বিহুৱা, ঢুলীয়া, নাচনীক প্ৰমাণপত্ৰ আৰু মাননী প্ৰদান কৰা হয় ।
ইয়াৰ উপৰিও শিৱসাগৰ দিৱসৰ বিশেষ দিনটোতে মেট্ৰিক পৰীক্ষাত স্থান লাভ কৰা শিৱসাগৰ জিলাৰ ছাত্ৰ-ছাত্ৰী, দহ বছৰে এশ শতাংশ উত্তীৰ্ণ হোৱা বিদ্যালয়ৰ প্ৰধান সকলকো সম্বৰ্ধনা জ্ঞাপন জনোৱা হয় । তেওঁৰ বিভাগৰ বাহিৰৰ বিষয় বুলি অৱগত কৰি সমষ্টিৰ কৰ্তনৰ ক্ষেত্ৰত যিকোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে অভিভাৱক মন্ত্ৰীজন ।
লগতে পঢ়ক :Bihu in Guinness world record:বিহুনৃত্যৰে বিশ্ব অভিলেখ গঢ়া শিল্পী সকলক প্ৰমাণ পত্ৰ আৰু মাননি প্ৰদান