অসম

assam

ETV Bharat / state

Rangia Municipality Deforestation Controversy: পৌৰসভাই কিয় কাটিলে ৰঙিয়াৰ মূল্যৱান গছবোৰ ? - Unlawful act of Rangia municipality

বিপদজনকভাৱে থকা গছবোৰহে কাটিছিল ৰঙিয়া পৌৰসভাই (Rangia Municipality reaction on deforestation)। বন বিভাগৰ ওচৰত ক্ষমা বিচাৰিছে পৌৰসভাই । ভৱিষ্যতে এনে ভুল নকৰাৰো প্ৰতিশ্ৰুতি দিছে পৌৰপতিয়ে ।

Rangia Municipality Deforestation Controversy
পৌৰসভাই কিয় কাটিলে ৰঙিয়াৰ মূল্যৱান গছবোৰ

By

Published : Mar 4, 2023, 11:45 AM IST

পৌৰসভাই কিয় কাটিলে ৰঙিয়াৰ মূল্যৱান গছবোৰ

ৰঙিয়া,৪ মাৰ্চ :ৰঙিয়া পৌৰসভাই জধে-মধে গছ কটাক লৈ বিতৰ্ক অব্যাহত আছে (Rangia Municipality Deforestation Controversy)। ইতিমধ্যে ৰঙিয়া পৌৰসভাৰ এই কৰ্মকাণ্ডক লৈ ক্ষোভ প্ৰকাশ কৰিছে প্ৰকৃতিপ্ৰেমী আৰু স্থানীয় লোকে । অনুমতি অবিহনে গছ কটাৰ বাবে বন বিভাগৰো ৰোষত পৰিছে ৰঙিয়া পৌৰসভা । অৱশ্যে এই সন্দৰ্ভত স্পষ্টীকৰণ দিছে ৰঙিয়া পৌৰসভাই ।

ৰঙিয়া পৌৰসভাই গছ কটাক লৈ সংবাদ মাধ্যমৰ বাতৰিৰ পাছতে বিষয়টো সন্দৰ্ভত সষ্টম হৈছে বন বিভাগ (Forest Department angry over Rangia Municipality)। উত্তৰ কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী চানী চৌধুৰীয়ে জানিবলৈ দিয়া মতে ইতিমধ্যে বন বিভাগে ৰঙিয়াৰ নগৰাঞ্চলত পৌৰসভাই কটা গছবোৰ পৰ্যবেক্ষণ কৰাৰ লগতে মূল‍্যৱান গছবোৰ চিহ্নিত কৰিছে । যিহেতু ৰঙিয়া পৌৰসভাই বন বিভাগৰ অনুমতি অবিহনে ৰঙিয়াৰ নগৰাঞ্চলৰ গছবোৰ কাটিছে, গতিকে পৌৰসভাই বন বিভাগক জৰিমনা দিব লাগিব (Unlawful act of Rangia municipality)।

লগতে বন বিভাগৰ অনুমতি অবিহনে গছবোৰ কটা বাবে বন বিভাগে ৰঙিয়া পৌৰসভাৰ বিৰুদ্ধে নিজাববীয়াকৈ আইনী ব‍্যৱস্থাও গ্ৰহণ কৰিব । ইফালে বন বিভাগে বিষয়টো সন্দৰ্ভত হস্তক্ষেপ কৰাৰ পাছতে ৰঙিয়া পৌৰসভাই শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি বিষয়টোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

ৰঙিয়া পৌৰসভাৰ কাৰ্যালয়ত অনুষ্ঠিত সভাখনত সাংবাদিকক সম্বোধন কৰি ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰে কয় যে উঁই পোকে খাই ফোপোলা কৰা বা বিপদজনকভাৱে হাউলি পৰা গছবোৰহে পৌৰসভাই কাটিবলৈ নিৰ্দেশ দিছিল (Rangia municipality cut down trees)। ধ্বংসৰ মাজেৰেহে নতুনৰ সৃষ্টি হয় বুলি উল্লেখ কৰি ৰঙিয়াৰ পৌৰপতিগৰাকীয়ে কয় যে ৰঙিয়াৰ মাজেৰে ৰাস্তা বনাবলৈহে গছবোৰ কটা হৈছে ।

আগন্তুক সময়ত ৰঙিয়াৰ বিভিন্ন অঞ্চলত দুই হাজাৰ নতুন গছপুলি ৰোপণ কৰা হ'ব বুলিও সংবাদমেলত তেওঁ উল্লেখ কৰে । আনহাতে বন বিভাগৰ অনুমতি অবিহনে গছবোৰ কিয় কটা হ'ল বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত পৌৰপতিগৰাকীয়ে কয় যে ৰাস্তা নিৰ্মাণৰ বাবে ৰঙিয়া পৌৰসভাৰ সমূহ সদস‍্যই তৎকালীনভাৱে আলোচনা কৰি গছবোৰ কটাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ।

উল্লেখ্য যে যোৱা কেইবাদিনো ধৰি ৰঙিয়াৰ নগৰাঞ্চলত থকা বহু পুৰণি গছবোৰ পৌৰসভাই কাটি পেলোৱাৰ বাবে ৰাইজৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আনহাতে বায়ু প্ৰদূষণৰ মাত্ৰা বৃদ্ধি হোৱাৰ মাজতে গছবোৰ জধে-মধে কাটি পেলোৱাক লৈ সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজ ।

লগতে পঢ়ক :Unlawful act by Rangia municipality : ৰঙিয়া পৌৰসভাৰ বিৰুদ্ধে সোচ্ছাৰ বন বিভাগ

ABOUT THE AUTHOR

...view details