শিৱসাগৰ, ১৫ এপ্ৰিল : ৰঙালীৰ ৰঙেৰে ৰঙীণ হৈ পৰিছে সমগ্ৰ ৰাজ্য । সমগ্ৰ ৰাজ্য কঁপি উঠিছে ঢোল-পেঁপাৰ মাতত (Rangali Bihu 2023) । পৰম্পৰা ৰীতি-নীতি পালন কৰি শুকুৰবাৰে ৰাজ্যবাসীয়ে পালন কৰিলে গৰু বিহু । মাহ-হালধিৰে নোৱাই-ধুৱাই, সন্ধিয়া তৰালী পঘাৰে গোহালিত বান্ধি গো-ধনৰ শ্ৰী-বৃদ্ধি কামনা কৰিলে কৃষিজীৱি অসমীয়াই । আৰু আজি পহিলা ব'হাগ ।
অসমীয়াৰ আয়ুস ৰেখা বাপতি সাহোন ৰঙালী বিহুৰ আজি মানুহ বিহু । অসমীয়া সংস্কৃতিৰ পৰম্পৰা অনুসৰি আজিৰ দিনটোত প্ৰতিজন অসমীয়াই পুৱা সেৱা কৰ্ম কৰি জ্যেষ্ঠজনক সন্মান জনায় । তাৰ পাচতে আৰম্ভ হয় ৰঙালীৰ পাৰ ভঙা উচাহ । যেতিয়া এই উচাহ ৰংপুৰত হয়, তেতিয়া এয়া হয় সোণত সুৱগা চৰা ।
শনিবাৰে ৰংপুৰৰ ৰংঘৰৰ বাকৰিত দেখা গ'ল এনে এক পৰিৱেশ (Rangali Bihu celebrates in Sivsagar) । সদৌ টাই আহোম ছাত্র সন্থাৰ উদ্যোগত ৰংঘৰৰ বাকৰিত আয়োজন কৰা পঞ্চদশ বৃহত্তৰ ৰংপুৰ ৰঙালী বিহু সন্মিলনত ৰংঘৰ গুমগুমাই উঠিল ঢোলৰ চাপৰত । বাকৰিৰ ঘাঁহ মৰিল নাচনীৰ গচকত । ৰংপুৰ ৰঙীন হ'ল সংস্কৃতিৰ সমাহাৰত । অতীত ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি তলাতল ঘৰৰ পৰা হাতীত উঠি স্বৰ্গদেউ আহি ৰংঘৰত বিৰাজ কৰাৰ পাচতে ৰংপুৰৰ ৰঙৰ মেলা আৰম্ভ হয় (Bihu celebration across Assam) ।