শিৱসাগৰ, 15 এপ্ৰিল: ৰাজ্যৰ চৌদিশে ৰঙালীৰ উন্মাদনা ৷ বাপতি সাহোন ৰঙালী বিহু উদযাপনত ব্যস্ত ৰাজ্যবাসী ৷ ঢোল-পেঁপাৰ মাতত মুখৰিত চৌদিশ ৷ ডেকাৰ পৰা বুঢ়ালৈকে এতিয়া সকলো ৰঙালীৰ ৰঙত মতলীয়া (Rangali Bihu Celebration In Assam) ৷
আজি পহিলা ব'হাগ ৷ আজিৰ পৰা হৈছে অসমীয়া নৱবৰ্ষ ৷ অসমীয়াৰ আয়ুস ৰেখা বাপতি সাহোন ৰঙালী বিহুৰ আজি ‘মানুহ বিহু’ ৷ অসমীয়া সংস্কৃতিৰ পৰম্পৰা অনুসৰি আজিৰ দিনটোত প্ৰতিজন অসমীয়াই পুৱা সেৱা কৰি জেষ্ঠজনক সন্মান জনায় ৷ তাৰ পাচতে আৰম্ভ হয় ৰঙালীৰ পাৰ ভঙা উচাহ (Rangali Bihu 2023) ৷
পহিলা ব'হাগৰ দিনাই ঢোল-পেঁপাৰ মাতত উদুলি-মুদুলি হৈ পৰিল ঐতিহাসিক ৰংঘৰৰ বাকৰি ৷ ৰংপুৰৰ ৰংঘৰৰ বাকৰিত দেখা গ'ল উৎসৱ মুখৰ পৰিৱেশ ৷ সদৌ তাই আহোম ছাত্ৰ সন্থা তথা বৃহত্তৰ ৰংপুৰ ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত ৰংঘৰৰ বাকৰিত ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি আয়োজন কৰা পঞ্চদশ বৃহত্তৰ ৰংপুৰ ৰঙালী বিহু সন্মিলনত ৰংঘৰ গোমগোমাই উঠিল ঢোলৰ চাপৰত ৷ বাকৰিৰ ঘাঁহ মৰিল নাচনীৰ গচকত ৷ ৰংপুৰ ৰঙীণ হ'ল সংস্কৃতিৰ সমাহাৰত (Rangali Bihu celebrates at Rang Ghar) ৷
অতীতৰ ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি তলাতল ঘৰৰ পৰা হাতীত উঠি প্ৰতিকী স্বৰ্গদেউ বৃহৎ শোভাযাত্ৰাৰে আহি ৰংঘৰত বিৰাজ কৰাৰ পাচতে ৰংপুৰৰ ৰঙৰ মেলা আৰম্ভ হয় ৷ বৃহত্তৰ অসমীয়া জাতিৰ সংস্কৃতি প্ৰদৰ্শিত হয় ৰংঘৰত ৷ কেৱল নৃত্য-গীতেই নহয় পহিলা ব'হাগত ৰংঘৰৰ বাকৰিত দেখা গ'ল বিভিন্ন খেল ধেমালি ৷ স্বৰ্গদেও সকলৰ দিনত প্ৰচলিত মালযুঁজ অৰ্থাৎ মল্লযুঁজকে আদি কৰি বিভিন্ন খেল আজি ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হয় ৷ এনে এক বৰ্ণিল পৰিৱেশত ৰঙালীক উপভোগ কৰে সহস্ৰাধিক ৰংপুৰীয়াৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ লোকে ৷ উল্লেখযোগ্য যে, মল্লযুঁজ প্ৰদৰ্শনৰ বাবে ভাৰতৰ বিভিন্ন প্ৰান্তৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন কেইবাগৰাকীও মল্লযুঁজাৰুক নিমন্ত্ৰণ কৰা হৈছে বুলি জনায় উদ্যোক্তাসকলে (Rangali Bihu Celebration in Rang Ghar) ৷
লগতে পঢ়ক:Bihu Celebration in Assam: পহিলা ব'হাগ উপলক্ষে টীয়কৰ ঢেকীয়াখোৱা বৰনামঘৰত ভক্তৰ ভিৰ