শিৱসাগৰ,28 জুলাই :বুধবাৰে শিৱসাগৰত এক সংবাদমেল সম্বোধন কৰে ভাৰতীয় জাতীয় কংগ্ৰেছ (Congress) দলৰ অসম ৰাজ্যিক সমিতিৰ নৱ নিৰ্বাচিত কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে (Rana Goswami) ৷ কাৰ্যকৰী সভাপতিৰ দায়িত্বভাৰ লোৱাৰ পূৰ্বেই অসম কংগ্ৰেছৰ নতুন সমিতিক লৈ উৎসাহিত হৈ পৰিছে ৰাণা গোস্বামী ৷ নতুন সমিতিৰ নতুন কাৰ্যপন্থা আৰু ৰণ কৌশলৰ বাবে অসম বিধানসভা (Assam Assembly)ৰ চাৰি সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপি দলক ধৰাশায়ী কৰাৰ হুংকাৰ প্ৰদান কৰে কাৰ্যকৰী সভাপতিগৰাকীয়ে । সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা (Bhupen Hazarika)ৰ সমাধিস্থলীত গৈ আশীৰ্বাদ গ্ৰহণ কৰি তেওঁ নতুনকৈ টঙালি বান্ধিব বুলি উল্লেখ কৰে ।
সংবাদমেলযোগে তেওঁ কয় যে, মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থীসকলে আৰু বিজেপি দলক ভোট নিদিয়ে । কিয়নো পৰীক্ষা অনুষ্ঠিত নকৰি বহুতৰ ভৱিষ্যত শেষ কৰিলে এইখন চৰকাৰে । মৰিয়নী সমষ্টিত নতুন নীতিৰে ৰূপজ্যোতি কুৰ্মী (Rupjyoti Kurmi)ক পৰাভূত কৰিব বুলি দাবী কৰে গোস্বামীয়ে ৷
লগতে পঢ়ক :অসমৰ মুখ্যমন্ত্ৰী ঘৰগুণা: ভূপেন বৰা