আমগুৰি, ১৬ ডিচেম্বৰ : উখল-মাখল আমগুৰিৰ হালোৱাটিং চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ চৌহদ ৷ দুই শতাধিক ছাত্ৰ-ছাত্ৰীৰ নৃত্য-গীতেৰে মুখৰিত হ’ল হালোৱাটিং চাহ বাগিচা প্ৰাথমিক বিদ্যালয় ৷ কিয়নো জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে আয়োজন কৰা হৈছে ৰাইজৰ উৎসৱ (Raijor Utsav held at Amguri) ৷
উল্লেখ্য যে, অসম চৰকাৰৰ নিৰ্দেশ অনুসৰি অসমৰ শিক্ষা ব্যৱস্থা সবল কৰি তোলাৰ হকে শুকুৰবাৰে আয়োজন কৰা হৈছে ৰাইজৰ উৎসৱ ৷ লক্ষ্য চৰকাৰী বিদ্যালয় ভেঁটি মজবুট কৰা (Govt school in Assam) ৷ যাতে বে-চৰকাৰী বিদ্যালয়ৰ তুলনাত চৰকাৰী বিদ্যালয়লৈ শিক্ষাৰ্থী আগমন বৃদ্ধি পায় ৷
অভিভাৱকসকলেও যাতে নিজৰ সন্তানত চৰকাৰী বিদ্যালয়ত পঢ়োৱাবলৈ আগ্ৰহী হয় ৷