শিৱসাগৰ,২৩ মাৰ্চ : শিৱসাগৰ প্ৰেছ ক্লাবত ৰাইজৰ দলৰ মঙলবাৰে "অসমবাসীৰ জাতীয় কৰ্মসূচী" উন্মোচন কৰা হয় । শিৱসাগৰত এখন সংবাদমেল সম্বোধন কৰি ৰাইজৰ দলে অসম উন্নয়নৰ ৰ'ড মেপ প্ৰকাশ কৰি ভাৰতক ফেডাৰেল ভিত্তিত গঠন কৰি গাঁও পৰ্যন্ত ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ লক্ষ্য বান্ধি লৈছে জাতীয় কৰ্মসূচীত । ভাৰতৰ সংবিধানৰ ৩৭১ নং অনুচ্ছেদৰ অধীনত অসমক ভাৰতৰ বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদানৰ পৰিকল্পনা কৰা এই জাতীয় কৰ্মসূচী মুঠ ছটা বিষয়ৰ ওপৰত প্ৰতিষ্ঠা কৰা হৈছে । অসমক ১২ মাহে খেতি কৰা ৰাজ্যত পৰিণত কৰা, নিবনুৱামুক্ত অসম, শক্তিশালী বজাৰ ব্যৱস্থা গঢ়ি তোলা, স্থানীয় সম্পদ তথা জাতীয় পুঁজিৰ ব্যৱহাৰেৰে জাতীয় উদ্যোগমালা গঢ় দিয়া, অসমক দক্ষিণ-পূৱ এছিয়াৰ দুৱাৰমুখত পৰিণত কৰা আৰু অসমক দেশৰ অগ্ৰণী পৰ্যটন ৰাজ্যত পৰিণত কৰা আদি ছয় বিষয়ৰ ওপৰত ভিত্তি কৰি এই জাতীয় কৰ্মসূচী তৈয়াৰ কৰা হৈছে ।
শিৱসাগৰত ৰাইজৰ দলৰ "অসমবাসীৰ জাতীয় কৰ্মসূচী" উন্মোচন - assam legislative assembly election 2021
ভাৰতৰ সংবিধানৰ ৩৭১ নং অনুচ্ছেদৰ অধীনত অসমক ভাৰতৰ বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদানৰ পৰিকল্পনা কৰা এই জাতীয় কৰ্মসূচী মুঠ ছটা বিষয়ৰ ওপৰত প্ৰতিষ্ঠা কৰা হৈছে ।
![শিৱসাগৰত ৰাইজৰ দলৰ "অসমবাসীৰ জাতীয় কৰ্মসূচী" উন্মোচন RAIJOR DOL PRESS MEET AT SIVASAGAR](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11130822-thumbnail-3x2-kk.jpg)
নাগৰিকত্ব, প্ৰাদেশিক সীমা আৰু ৰাজ্যিক ভাষাৰ মৰ্যাদা এই তিনিটা জাতীয় প্ৰশ্নৰূপে চিহ্নিত কৰা হৈছে এই কৰ্মসূচীত । জাতীয় প্ৰশ্নৰ মীমাংসা, বিদেশী সমস্যাৰ সমাধান, জনজাতীয় ৰাজ্যৰূপে ঘোষণা, সুশাসন, দৰিদ্ৰতা নিৰ্মূল, প্ৰতি গাঁৱত এটা উৎপাদন কেন্দ্ৰ স্থাপন, উন্নয়নৰ বাবে এটা নতুন বিভাগ আদিকে কৰি বিভিন্ন শিতানত অনাগত দিনত ৰাইজৰ দলে কৰিব লগা কামৰ পৰিকল্পনা ব্যাখ্যা কৰা হয় এই কৰ্মসূচীত । ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়া আৰু উপ-সভাপতি ৰঞ্জিত তামুলীয়ে সম্বোধন কৰা সংবাদমেলত ঘনশ্যাম নাথ উপস্থিত থাকে । সংবাদমেলত বিশিষ্ট সাংবাদিক হায়দৰ হুছেইন আৰু অধিবক্তা নেকিবুৰ জামানে অংশগ্ৰহণ কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে ।
লগতে পঢ়ক :শীঘ্ৰেই দেশত বলৱৎ হ'ব CAA:বিজেপি সভাপতি জে পি নাড্ডা