অসম

assam

By

Published : Mar 12, 2021, 4:18 PM IST

ETV Bharat / state

শিৱসাগৰত ৰাইজৰ দলৰ সংবাদমেল

শিৱসাগৰত ৰাইজৰ দলৰ সংবাদমেল ৷ মুকলি কৰিলে সমষ্টিবাসীলৈ অখিলে প্ৰদান কৰা দহ প্ৰতিশ্ৰুতি ৷

শিৱসাগৰত ৰাইজৰ দলৰ সংবাদমেল
শিৱসাগৰত ৰাইজৰ দলৰ সংবাদমেল

শিৱসাগৰ, 12 মাৰ্চঃ শিৱসাগৰ নগৰৰ ৰাইজৰ দলৰ নিৰ্বাচনী কাৰ্যালয়ত শুকুৰবাৰে ৰাইজৰ দলৰ শিৱসাগৰ সমিতিয়ে এক সংবাদমেল সম্বোধন কৰে । কাৰাৰুদ্ধ নেতা অখিল গগৈয়ে শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ সন্দৰ্ভত আহ্বান কৰা সংবাদমেলত ৰাইজৰ দলৰ উপ-সভাপতি ৰঞ্জিত তামুলীয়ে অখিল গগৈৰ হৈ শিৱসাগৰ সমষ্টিবাসী ৰাইজক নেতাগৰাকীক ভোটদান কৰিবলৈ আহ্বান জনায় । নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত অখিল গগৈয়ে শিৱসাগৰ সমষ্টিৰ ৰাইজক প্ৰদান কৰা দহটা প্ৰতিশ্ৰুতিৰ দস্তাৱেজ মুকলি কৰে গগৈৰ মাতৃ প্ৰিয়দা গগৈয়ে । এই প্ৰতিশ্ৰুতি সমূহত শিৱসাগৰ সমষ্টিক আত্মসংস্থাপন, বৌদ্ধিক উত্তৰণ, পৰ্যটন, স্বাস্থ্য আৰু দুৰ্নীতি দূৰ কৰাৰ প্ৰতিশ্ৰুতি দি সমষ্টিটোক আগবঢ়াই নিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে । জাতীয় স্বাৰ্থক অগ্ৰাধিকাৰ দি ৰাইজৰ পক্ষত থকাৰ প্ৰতিশ্ৰুতি দিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে । সমান্তৰালভাৱে অখিল গগৈয়ে শিৱসাগৰ সমষ্টিৰ ৰাইজলৈ এক পত্ৰ প্ৰেৰণ কৰিছে ।

শিৱসাগৰত ৰাইজৰ দলৰ সংবাদমেল

বিজেপিৰ কু-শাসনৰ ফলত অসম আৰু অসমীয়াৰ ক্ষতি উল্লেখ কৰি তেওঁক কিদৰে বে-আইনীভাৱে কাৰাৰুদ্ধ কৰি ৰখা হৈছে সেই কথা উদঙাই দি তেওঁৰ মুক্তিৰ স্বাৰ্থত শিৱসাগৰ সমষ্টিৰ ৰাইজক তেওঁৰ প্ৰতি ভোটদান কৰিবলৈ আহ্বান জনাইছে অখিল গগৈয়ে । সংবাদমেল সম্বোধন কৰি অখিলৰ অন্যায়ৰ বিৰুদ্ধে মাত মতাৰ যি পৰিচয় আছে সেই পৰিচয়ৰ বাবে ৰাইজে অখিল গগৈক জয়ী কৰি বিধানসভালৈ পঠিয়াবলৈ আহ্বান ৰঞ্জিত তামুলীৰ । ইতিমধ্যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ উমৈহতীয়া প্ৰাৰ্থী অখিল গগৈৰ হৈ যথেষ্ট সংখ্যক লোকে প্ৰচাৰ চলাই আছে বুলি অৱগত কৰে । অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়েও অন্যায়ৰ বিৰুদ্ধে আৰু পুত্ৰৰ মুক্তিৰ হকে শিৱসাগৰ সমষ্টিৰ ৰাইজক অখিল গগৈক ভোট দিবলৈ অনুৰোধ জনায় ।

লগতে পঢ়কঃনগাঁও জিলাত প্ৰাৰ্থীৰ মনোনয়ন পত্ৰৰ পৰীক্ষণ সম্পন্ন

ABOUT THE AUTHOR

...view details