আমগুৰি,26 ডিচেম্বৰ : শিৱসাগৰৰ আমগুৰি সমষ্টিত শনিবাৰে গঠন হয় ৰাইজৰ দলৰ পূৰ্ণাংগ সমিতি ৷ আগন্তুক বিধানসভা নিৰ্বাচনত 126 টা সমষ্টিতে প্ৰতিদ্বন্দিতা কৰিব ৰাইজৰ দলে ৷
আনহাতে সমিতি গঠন কৰি নিৰ্বাচনত অসম জাতীয় পৰিষদৰ লগতে প্ৰতিটো আঞ্চলিক ৰাজনৈতিক দলৰ সৈতে মিত্ৰতা স্থাপন কৰিব বুলি মন্তব্য কৰে দলটোৰ সদস্যই ৷
আমগুৰিত ৰাইজৰ দলৰ পূৰ্ণাংগ সমিতি গঠন বিজেপি চৰকাৰক ফেচিষ্ট, আত্মঘাতী আৰু বিশ্বাসঘাটক চৰকাৰ আখ্যা দি 21ত আঞ্চলিক দলে অসমত চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে । ৰাইজৰ দলৰ মুখ্য আহ্বায়ক তথা শিক্ষক ৰঞ্জিত তামুলীয়ে সভাপতিত্ব কৰা এই সভাত ৰাইজৰ দলৰ হৈ বক্তব্য ৰাখে ৰাজ্যিক আহ্বায়ক মহেন্দ্ৰ দিহিঙীয়া, পদ্মকান্ত দাস, ৰাজ্যিক সমন্বয়ক দেৱজিৎ দত্তই ।
ইয়াৰোপৰি সভাত আমগুৰি বিধান সমষ্টিৰ আপৰ সমন্বয়ক চন্দন কুমাৰ গগৈ, ব্যৱসায়ী যুৱক সৌৰভ বৰা, গড়গাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন সম্পাদক মণ্টু গগৈ, আমগুৰিৰ মেধাৱী ছাত্ৰ অমৃত কোঁৱৰ, প্ৰাক্তন আছু নেতা নৱজ্যোতি গগৈ আৰু অসম গণ পৰিষদৰ সুভাষ বৰাই আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰে ।
লগতে পঢ়ক :হাগ্ৰামা মহিলাৰীয়ে হৰ্চ ট্ৰেডিঙৰ চেষ্টা চলাইছিলঃ ইউপিপিএল