শিৱসাগৰ, 7 ডিচেম্বৰ : শিৱসাগৰত ৰাইজৰ দলৰ মুখ্য ৰাজ্যিক আহ্বায়ক ভাস্ক ডি শইকীয়াৰ গুৰুত্বপূৰ্ণ ঘোষণা। অসমৰ সকলো জাতীয়তাবাদী আঞ্চলিক শক্তিক একত্ৰিত কৰি বিজেপি দলক প্ৰতিহত কৰাৰ সংকল্পৰ অংশৰূপে আদিবাসী নেশ্বনেল পাৰ্টিৰ লগত এক উমৈহতীয়া কৰ্মসূচীৰ ভিত্তিত বুজাবুজিত উপনিত হয় ৰাইজৰ দল আৰু আদিবাসী নেশ্বনেল পাৰ্টি । সোমবাৰে ৰাইজৰ দলৰ শিৱসাগৰ কাৰ্যালয়ত অনুস্থিত যৌথ বৈঠকত ৰাইজৰ দলৰ মুখ্য ৰাজ্যিক আহ্বায়ক ভাস্কো ডি শইকীয়া, মহেন্দ্ৰ দিহিঙীয়া, লোহিত গগৈৰ লগতে আদিবাসী নেশ্বনেল পাৰ্টিৰ ৰাজ্যিক সম্পাদক বলদেৱ তেলী, দৰ্শণপ্ৰাণ মান্য হাজৰিকা, অচিত্ৰ চেতিয়া আদি উপস্থিত থাকে ৷ উক্ত বৈঠকত আগন্তুক ২০২১ চনৰ নিৰ্বাচনত বুজাবুজিৰ চুক্তিত উপনিত হৈ বিজেপি দলক শাসনৰ পৰা ওফৰাই পেলোৱাৰ হুংকাৰ দিয়ে উপস্থিত নেতৃবৰ্গই ।
ৰাইজৰ পাৰ্টিৰ লগত বুজাবুজিত উপনিত আদিবাসী নেশ্বনেল পাৰ্টি
শিৱসাগৰত ৰাইজৰ দলৰ মুখ্য ৰাজ্যিক আহ্বায়ক ভাস্ক ডি শইকীয়াৰ গুৰুত্বপূৰ্ণ ঘোষণা। অসমৰ সকলো জাতীয়তাবাদী আঞ্চলিক শক্তিক একত্ৰিত কৰি বিজেপি দলক প্ৰতিহত কৰাৰ সংকল্পৰ অংশৰূপে আদিবাসী নেশ্বনেল পাৰ্টিৰ লগত এক উমৈহতীয়া কৰ্মসূচীৰ ভিত্তিত বুজাবুজিত উপনিত হয় ৰাইজৰ দল আৰু আদিবাসী নেশ্বনেল পাৰ্টি।
আনহাতে আন আন সকলো জাতি-জনগোষ্ঠীয় ৰাজনৈতিক সংগঠন সমূহক একত্ৰিত হৈ বিজেপি দলৰ শোষণ-লুণ্ঠন শেষ কৰিবলৈ আহবান জনাইছে ৰাইজৰ দলৰ লগতে আদিবাসী নেশ্বনেল পাৰ্টিয়ে । অৱশ্যে এই ৰাজনৈতিক যুঁজত এ.আই.ইউ.ডি.এফ.ৰ লগত মিত্ৰতা কৰা কংগ্ৰেছ দলৰ লগতো কোনো বুজাবুজি নকৰাৰ কথা ঘোষণা কৰে ৰাইজৰ দলৰ মুখ্য ৰাজ্যিক আহবায়ক ভাস্ক ডি শইকীয়াই । সোমবাৰে অনুষ্ঠিত সংবাদ মেলত দুয়োটা দলে দেশৰ কৃষক বিদ্ৰোহৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ লগতে কাইলৈ আহ্বান কৰা ভাৰত বন্ধৰ প্ৰতি দুয়ো দলৰ সমৰ্থন ঘোষণা কৰে ।
লগতে পঢ়ক: বাৰেকুৰিৰ নৱম সংখ্যক দিবা-নৈশ ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি