অসম

assam

ETV Bharat / state

ৰাহুল গান্ধীৰ বিপক্ষে ছ’চিয়েল মেডিয়াত অশালীন পোষ্ট

ৰাহুল গান্ধীৰ অসম ভ্ৰমণৰ পূৰ্বে ছ'চিয়েল মিডিয়াত ট্ৰলৰ সন্মুখীন হৈছে নেতাগৰাকী ৷ ভেলেণ্টাইন ডে’ পালনৰ বাবে নেতা গৰাকী অসমলৈ আহিব বুলি এজন যুৱকে ছ'চিয়েল মিডিয়াত বিৰুপ মন্তব্য কৰে ৷ ইয়াৰ পাচতে সৰ্বত্ৰে সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

By

Published : Feb 11, 2021, 11:27 AM IST

ছ'চিয়েল মিডিয়াত অশালীন ব্যৱহাৰ ৰাহুল গান্ধীক
ছ'চিয়েল মিডিয়াত অশালীন ব্যৱহাৰ ৰাহুল গান্ধীক

শিৱসাগৰ,11 ফেব্ৰুৱাৰী: ছ'চিয়েল মিডিয়াত এইবাৰ ট্ৰ’লৰ সন্মুখীন হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাক্তন অধ্যক্ষ তথা শীৰ্ষ নেতা ৰাহুল গান্ধী । ছ'চিয়েল মিডিয়া ফেচবুকত সঞ্জীৱ কৰ্মকাৰ নামৰ এজন যুৱকে ১৪ ফেব্ৰুৱাৰীত ৰাহুল গান্ধীৰ শিৱসাগৰ ভ্ৰমণক লৈ উপলুঙা কৰি এক অশালীন পোষ্ট আপলোড কৰিছিল ৷ যাক লৈ এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া । ঘটনা সন্দৰ্ভত ইতিমধ্যে শিৱসাগৰ আৰক্ষীক অভিযোগ দাখিল কৰিছে শিৱসাগৰ জিলা কংগ্ৰেছে ৷

ছ'চিয়েল মিডিয়াত অশালীন ব্যৱহাৰ ৰাহুল গান্ধীক

উল্লেখ্য যে, সঞ্জীৱ কৰ্মকাৰ নামেৰে পৰিচয় দিয়া তথা যোৰহাটৰ নিবাসী বুলি ফেচবুকত তথ্য প্ৰদান কৰা যুৱকজনে এগৰাকী অৰ্ধ-উলংগ গৰ্ভৱতী মহিলাৰ সৈতে কম্পিউটাৰত তৈয়াৰী ভূৱা ফটোৰে "১৪ ফেব্ৰুৱাৰীত ভেলেণ্টাইন ডে" উদযাপন কৰিবলৈ শিৱসাগৰ আহি আছে ৰাহুল গান্ধী, কথাতো সঁচা নে?" বুলি মন্তব্য কৰে ৷ ফেচবুকত এই পোষ্টটো ভাইৰেল হোৱাৰ পাচতে জিলা কংগ্ৰেছৰ সম্পাদক বিজিত দত্ত আৰু মিডিয়া কোষৰ সভাপতি ৰূপক ভূঞাই শিৱসাগৰ সদৰ থানাত এক এজাহাৰ দাখিল কৰে আৰু সঞ্জীৱ কৰ্মকাৰ নামৰ যুৱকজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী উত্থাপন কৰে ।

ছ'চিয়েল মিডিয়াত অশালীন ব্যৱহাৰ ৰাহুল গান্ধীক

ইফালে, ফেচবুকত এইদৰে ৰাহুল গান্ধীক তাচ্ছিল্য কৰা যুৱকজনে একাউণ্টটোত অসম জাতীয় পৰিষদৰ অনুগামী বুলি তথ্য প্ৰদান কৰিছে । বৰ্তমানলৈকে যুৱকজনে কাৰ প্ৰৰোচনাত পৰি এনে কাৰ্য কৰিছে সেই বিষয়ে প্ৰকৃত তথ্য সন্দৰ্ভত লাভ কৰা নাই ৷ আৰক্ষীৰ ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত ৷ ১৪ ফেব্ৰুৱাৰীত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰাক নিৰ্বাচনী প্ৰচাৰৰ বাবে শিৱসাগৰৰ লগতে বিভিন্ন ঠাইত উপস্থিত হ'ব ৷

অন্য এক খবৰৰ বাবে:অসমত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

ABOUT THE AUTHOR

...view details