অসম

assam

মহিলাক ব্লেকমেইলিংঃ ব্যৱসায়ী ৰফিকুল হাজৰিকাক দুদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

By

Published : Apr 4, 2020, 4:37 PM IST

যৌন নিৰ্যাতন, ব্লেকমেইলিং, শাৰিৰীক নিৰ্যাতন, মৃত্যুৰ ভাবুকি আদি বিভিন্ন অভিযোগ উল্লেখ কৰি শিৱসাগৰ সদৰ থানাত এগৰাকী মহিলাই দাখিল কৰা এজাহাৰৰ ভিত্তিত শুকুৰবাৰে আৰক্ষীয়ে আটক কৰে শিৱসাগৰৰ ব্যৱসায়ী ৰফিকুল হাজৰিকা ওৰফে বাবুজানক । শনিবাৰে আদালতে বাবুজানক দুদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে ।

rafikul islam tranferred to police custody
rafikul islam tranferred to police custody

শিৱসাগৰ, 4 এপ্ৰিলঃ শুকুৰবাৰে শিৱসাগৰ আৰক্ষীয়ে দেৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছিল শিৱসাগৰৰ ব্যৱসায়ী ৰফিকুল হাজৰিকা ওৰফে বাবুজানক । শনিবাৰে এই ব্যৱসায়ীগৰাকীক হাজিৰ কৰোৱা হয় শিৱসাগৰ আদালতত । উল্লেখ্য যে, শিৱসাগৰৰ ন আলিৰ এগৰাকী মহিলাই যোৱা ৩০ মাৰ্চত এই লোকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল । মহিলা গৰাকীয়ে যৌন নিৰ্যাতন, ব্লেকমেইলিং, শাৰিৰীক নিৰ্যাতন, মৃত্যুৰ ভাবুকি আদি বিভিন্ন অভিযোগ উল্লেখ কৰি শিৱসাগৰ সদৰ থানাত এই লোক জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল । এজাহাৰৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৪৪৮/২৯৪(বি)/৫০৬/৩২৩/৩৭৬/৩৮৪ ধাৰাত ৩৯০/২০ নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখি শুকুৰবাৰে গোপন সূত্ৰৰ যোগেৰে বাবুজানক গ্ৰেপ্তাৰ কৰি আজি আদালতত হাজিৰ কৰে । আদালতে বাবুজানক দুদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে ।

শিৱসাগৰৰ ব্যৱসায়ী ৰফিকুল হাজৰিকা ওৰফে বাবুজানক দুদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

ABOUT THE AUTHOR

...view details