শিৱসাগৰ, 6 ডিচেম্বৰ : দুৰ্ঘটনাত যুৱক নিহত হোৱাকলৈ শিৱসাগৰত উত্তেজনা(Tension in Sivsagar over a road accident) ৷ ইয়াকে লৈ শিৱসাগৰৰ সদৰ থানাৰ সন্মূখত উত্তেজনা, দুৰ্ঘটনা সংঘটিত কৰা যুৱকক গ্ৰেপ্তাৰৰ দাবীত থানাৰ সন্মূখত উপস্থিত হ’ল আখৈফুটীয়াৰ বহু সংখ্যক ৰাইজ ৷ দেওবাৰৰ নিশা বাইকৰ খুন্দাত নিহত যুৱকজনৰ নাম হিৰণ্য দাস (২২) বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, আখৈফুটীয়াৰ ৰঘুৰাম দাসৰ পুত্ৰ হিৰণ্য দাস খোজকাঢ়ি গৈ থকা অৱস্থাত নিশা খুন্দা মাৰিছিল এখন দুচকীয়া বাহনে ৷
দুৰ্ঘটনাৰ পিছতে পলায়ন অভিযুক্ত বাইক চালক জোন দাসৰ ৷ মন কৰিব লগীয়া যে, হিৰণ্য দাসৰ সৈতে আছিল সুৰজ হাজৰিকা আৰু পৰশ দাস নামৰ আন দুজন যুৱক ৷ দুই সৰ্তীথই মাজ নিশা হিৰণ্য দাসক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ সঞ্জীৱনী নাৰ্চি হোমলৈ লৈ গৈছিল যদিও চিকিৎসা লাভৰ পূৰ্বেই হিৰণ্য দাসৰ মৃত্যু হয় ৷