অসম

assam

ETV Bharat / state

Illegal sand mining: আমগুৰিৰ বৰবামত বালি খননৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ - Sand mining in Jorhat

আমগুৰিৰ বৰবামত জাঁজী নৈৰ বুকুত দীৰ্ঘদিন ধৰি চলি আছে বালি খনন (Sand mining in Jorhat)। খনন কাৰ্য বন্ধ কৰাৰ দাবীত স্থানীয় ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে । অতি শীঘ্ৰে খনন কাৰ্য বন্ধ নকৰিলে অঞ্চলটোৰ ৰাইজ ভয়ংকৰ বিপদৰ সন্মুখীন হোৱাৰ আশংকা ।

Illegal sand mining
বালি খননৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

By

Published : Nov 11, 2022, 11:14 AM IST

আমগুৰি, ১১ নৱেম্বৰ : ৰাজ্যৰ ভিন্ন প্ৰান্তত বালি মাফিয়াৰ সন্ত্ৰাস অব্যাহত আছে । একাংশ দুষ্টচক্ৰই নৈৰ বুকুত খনন চলাই গৈছে যদিও বন বিভাগ তথা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । যোৰহাট আৰু শিৱসাগৰ জিলাতো নৈৰ বুকুত অবৈধভাৱে বালি খনন অব্যাহত ৰাখিছে এক দুষ্টচক্ৰই (Illegal sand mining in Jorhat)।

আমগুৰিৰ বৰবামত বালি খননৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

বিশেষকৈ ভোগদৈ আৰু জাঁজী নৈৰ বুকুত শেহতীয়াকৈ এটা চক্ৰই চলাই গৈছে অবৈধ বালি খনন । বন বিভাগ আৰু আৰক্ষীয়ে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ওলাই আহিছে স্থানীয় লোকসকল । বালি খননত ব্যৱহৃত এস্কেভেটৰ, ডাম্পাৰ আদিৰ কাৰ্যকলাপ বন্ধ কৰিবলৈ স্থানীয় উত্তেজিত লোকে প্ৰতিবাদ সাব্য়স্ত কৰিছে (Public protest against sand mining)।

জানিব পৰা মতে আমগুৰিৰ বৰবামত জাঁজী নৈৰ বুকুত দীৰ্ঘদিন ধৰি চলি আছে বালি খনন (Sand mining in Amguri)। বান আৰু খহনীয়াই ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰাৰ পাছতো ৰাইজৰ সুৰক্ষাৰ কথা চিন্তা নকৰি একাংশই অবাধে চলাই গৈছে বালিৰ খনন । যাক লৈ শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ।

বৰবাম মৰিশালি ঘাটত বালি খননৰ ফলত যিকোনো মুহূৰ্তত অঘটন সংঘটিত হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে । কিন্তু প্ৰশাসন তথা বন বিভাগে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে স্থানীয় সংগঠন আৰু ৰাইজে । বিশেষকৈ যোৰহাট জিলাৰ জাঁজী টেঙাবাৰী, জাঁজী হাতীমুৰীয়া অংশত অবাধ হাৰত গধুৰ যন্ত্ৰপাতিৰে বালি খনন কৰাৰ ফলত ভয়ত কঁপিছে ৰাইজে । সেয়ে এই খনন কাৰ্য বন্ধ কৰাৰ দাবী তুলিছে ৰাইজে । অসম চাহ জনজাতি ছাত্ৰ সন্থাইও বালি খনন বন্ধ কৰিবলৈ দাবী জনাইছে ।

প্ৰতিবাদকাৰীসকলে অভিযোগ কৰা মতে বালি খননৰ ফলত বৰবাম মৰিশালি ঘাটত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে । ইফালে মৰিশালি ঘাটতো বৰবামৰ লোকসকলে গা-ধোৱা, কাপোৰ ধোৱাকে ধৰি বিভিন্ন কামৰ বাবে ব্যৱহাৰ কৰে । কিন্তু সেই অংশত গাঁতৰ সৃষ্টি হোৱাৰ লগে লগে বিভিন্ন ধৰণৰ অঘটন হোৱাৰ আশংকা কৰিছে ৰাইজে । যাৰ বাবে এই খনন কাৰ্য অতিশীঘ্ৰে বন্ধ কৰিবলৈ স্থানীয় সংগঠন তথা লোকসকলে চৰকাৰক দাবী জনাইছে ।

লগতে পঢ়ক :DAC Election Result 2022: নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থকক আক্ৰমণ কংগ্ৰেছ কর্মীৰ

ABOUT THE AUTHOR

...view details